বৰপেটা,16 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰৰ চমক ৷ তাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক নেতাসকলৰ আক্ৰমণ,প্ৰত্যাক্ৰমণ তথা বোকা চটিওৱাৰ খেল ৷
এইবাৰ বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীৰ মতে, ৰণক্ষেত্ৰত নাই বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস ৷ বৰপেটা অগপই কুমাৰ দীপক দাসক মনেৰে বিচৰা নাই বুলি কটাক্ষ কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, প্ৰচাৰৰ নামত লাভ কৰা ধন ব্যয় নকৰি কুমাৰ দীপক দাসে জমা কৰাৰহে মন মেলিছে বুলিও অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷
কুমাৰ দীপকক লৈ বৰপেটা অগপ সন্তুষ্ট নহয় - জাকিৰ হুছেইন শিকদাৰ কেৱল এয়াই নহয়,বৰপেটাৰ বিধায়ক হৈ থকা সময়ত কুমাৰ দীপক দাসে বৰপেটা সমষ্টিৰ উন্নয়নৰ পৰিৱৰ্তে নিজ গৃহ চহৰ বিজনীৰ উন্নয়নতহে অধিক গুৰুত্ব আৰোপ কৰিছিল বুলি কয় বিধায়কগৰাকীয়ে ৷ ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ সময়তো কুমাৰ দীপক দাসে বৰপেটাক গুৰুত্ব নিদিলে বুলি কয় বিধায়কগৰাকীয়ে ৷ কেৱল আৰামী জীৱন কটাবৰ বাবেই কুমাৰ দীপক দাসে বৰপেটাৰ সলনি কামৰূপ গ্ৰাম্য জিলাক ন'ডেল জিলা হিচাপে বাচনি কৰিছিল বুলি অভিযোগ কৰে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে ৷
ইপিনে, ফণীভূষণ চৌধুৰীকো টাৰ্গেট কৰি লয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ ফণীভূষণ চৌধুৰীক ৰাজ্যখনৰ ভিতৰতেই আটাইতকৈ বেয়া পায় বুলি প্ৰকাশ কৰে বিধায়কজনে ৷ পূৰ্বতে তেখেতৰ প্ৰতি শ্ৰদ্ধা-ভক্তি আছিল বুলি উল্লেখ কৰি মিত্ৰতা ভংগ কৰি মন্ত্ৰীত্ব এৰি কান্দি কাটি বাউলী হোৱা নেতাজনক এতিয়া দেখিব নোৱাৰে বুলি কয় বিধায়কগৰাকীয়ে ৷ আনহাতে,অগপৰ নেতাসকলক বিজেপি নেতাৰ পিচে পিচে ঘূৰি ক্ষমতা বিচৰা নেতা বুলি অভিহিত কৰে বিধায়কগৰাকীয়ে ৷ গাঁৱলীয়া ভাষাত অগপৰ এই নেতাসকলক চামচা বুলি কয় যদিও বিধায়ক কাৰণেই বিধায়ক জাকিৰ হুছেইনে চামচা শব্দটোৰ সলনি এটা বিকল্প শব্দৰ সন্ধানত আছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷