অসম

assam

ETV Bharat / state

বিদেশী ন্যায়াধিকৰণ বৰ্জন বৰপেটা উকীল সন্থাৰ

বৰপেটা উকীল সন্থাই ঘোষণা কৰিছে বিদেশী ন্যায়াধিকৰণ বৰ্জন কাৰ্যসূচী । প্ৰচলিত আইনৰ ভিত্তিত গোচৰ পৰিচালনা নোহোৱাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ । লাখ লাখ ডি ভোটাৰৰ গোচৰ অমীমাংসিত হৈ থকাৰ সময়তে বৰপেটাৰ অধিবক্তাসকলৰ এই ন্যায়াধিকৰণ বৰ্জন প্ৰতিবাদ কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

BARPETA ADVOCATE ASSOCIATION

By

Published : Apr 30, 2019, 4:37 PM IST

বৰপেটা, ৩০ এপ্ৰিল: ৰাজ্যত এনআৰচি, ডি ভোটাৰ, বিদেশী হিচাপে চিহ্নিত নাগৰিকৰ অন্তৰ্ধান আদি বিষয়সমূহক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে বৰপেটা উকীল সন্থাই বৰ্জন কৰিছে বিদেশী ন্যায়াধিকৰণ । বিদেশী ন্যায়াধিকৰণ সমূহত প্ৰচলিত আইনৰ ভিত্তিত গোচৰ পৰিচালনা নোহোৱাৰ প্ৰতিবাদত এই বৰ্জন কাৰ্যসূচী ঘোষণা কৰিছে উকীল সন্থাটোৱে । লাখ লাখ ডি ভোটাৰৰ গোচৰ অমীমাংসিত হৈ থকাৰ সময়তে বৰপেটাৰ অধিবক্তাসকলৰ এই ন্যায়াধিকৰণ বৰ্জন প্ৰতিবাদ কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

BARPETA ADVOCATE ASSOCIATION

অধিবক্তাসকলে অভিযোগ কৰা মতে, বিদেশী ন্যায়াধিকৰণত গোচৰৰ প্ৰক্ৰিয়া অতি লেহেমীয়া হোৱাৰ ফলত ডি ভোটাৰ সকলৰ লগতে পৰিয়ালবৰ্গও ন্যায় লাভৰ পৰা বঞ্চিত হয় ৷ বিশেষকৈ গোচৰ চলি থকা সময়ত বিচাৰাধীন লোক আৰু অধিবক্তাসকলো হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় ৷ বিদেশী ন্যায়াধিকৰণৰ এনে আচৰনত অতিষ্ঠ হৈয়ে অধিবক্তাসকলে বৰ্জন ঘোষণা কৰে ৷

বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ স্বাৰ্থত প্ৰচলিত আইনৰ ভিত্তিত গোচৰ পৰিচালনা কৰা আৰু ন্যায়াধিকৰণৰ সহযোগ দাবী কৰি এদিনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন ঘোষণা কৰিছে অধিবক্তা সকলে ৷ এই দাবী পুৰণ নহ'লে পৰৱৰ্তীসময়ত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহনৰ হুংকাৰ দিছে বৰপেটা উকীল সন্থাই ৷

ABOUT THE AUTHOR

...view details