অসম

assam

By

Published : Oct 16, 2019, 6:18 PM IST

ETV Bharat / state

হাউলীত ট্ৰাকৰ খুন্দাত নিহত যুৱক

বুধবাৰে বৰপেটা জিলাৰ হাউলীত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু বাইকৰ সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী এগৰাকী যুৱক ৷

হাউলীত ট্ৰাকৰ খুন্দাত নিহত যুৱক

বৰপেটা, 16 অক্টোবৰঃবুধবাৰেহাউলীত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱক ৷ ট্ৰাকৰ খুন্দাত নিহত হোৱা যুৱকজন মীৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ নিহত মীৰ হুছেইনৰ ঘৰ হাউলী দত্তকুছি কদমগুৰিত ৷

হাউলীত পথ দুৰ্ঘটনাক লৈ উত্তেজনা

31নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অশোকা হোটেলৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ গুৱাহাটীৰ পৰা কলিকতা অভিমুখী UP-93BT-4151 নম্বৰৰ ট্ৰাকে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় মীৰ হুছেইন ৷ AS-15P-9530 নম্বৰৰ বাইকেৰে জঁটলগা চ'কৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত উঠিবলৈ লওতেই ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে যুৱকজনক ৷

দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকখনে পলায়ন কৰে যদিও হাউলী আৰক্ষীয়ে খেদি খেদি ট্ৰাকখন কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে নিহত মীৰ হুছেইনৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে মীৰ হুছেইনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘৰৰ একমাত্ৰ সন্তান মীৰ হুছেইনে পিতৃ-মাতৃৰ লগতে পত্নীৰ আৰু তিনিটা সন্তান এৰি থৈ গৈছে ৷ হুছেইনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷

ABOUT THE AUTHOR

...view details