বৰপেটা,17মাৰ্চ :কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা । ডাম্পাৰ আৰু এলট্ৰ'ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত আহত হয় তিনিজনকৈ লোক ৷ ইয়াৰে দুজনৰ অৱস্থা সংকজনক। আহত সকলক কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি, তীব্ৰবেগী AS26 C 5211 নম্বৰৰ এখন ডাম্পাৰে আজি পুৱা AS15 N 0487 নম্বৰৰ এখন মাৰুতি ছুজুকি এলট্ৰ' বাহনক প্ৰচণ্ড জোৰে খুন্দিয়াই ৷ যাৰ ফলত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে গুৰুতৰ ভাবে আহত হয় তিনিজনকৈ লোক ৷ আহতকেইজনৰ ভিতৰত জনতা গাঁৱৰ হানিফ আলি বেগ আৰু বালিকুৰি গাঁৱৰ ছানোৱাৰ হুছেইনৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত দুজনক এম্বুলেঞ্চৰ দ্বাৰা কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।