বৰপেটা, ২২ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনটোতে ৰাজ্যজুৰি প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা । বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগতো আছুৰ সদস্যসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ, বৃহৎ নদী বান্ধৰ সমস্যা সমাধান কৰা আৰু বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।
ক'লা বেজ পৰিধান কৰি আৰু ক'লা পতাকা উৰুৱাই বৰপেটা জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এমাহৰ ভিতৰতে তিনিবাৰকৈ অসম ভ্ৰমণৰ বাবে অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰিষা অসমৰ বানাক্ৰান্তৰ কাষত কিয় উপস্থিত নহ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে আছুৰ সদস্যসকলে ।