বৰপেটা,12 ডিচেম্বৰ :সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল বৰপেটা জিলা ছাত্ৰ সন্থা ৷ শনিবাৰে বৰপেটা পাঁচ আলি চ'কত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৰপেটা জিলা ছাত্ৰ সন্থাই ৰূপায়ন কৰে গণ হুংকাৰ কার্যসূচী । ৰাজ্যত পুনৰ ধাৰাবাহিক ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰাৰ সমান্তৰালকৈ আইনী যুঁজ চলাই যোৱাৰো হুংকাৰ প্ৰদান কৰে বৰপেটা জিলা ছাত্ৰ সন্থাই ।
‘কা’ৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ গণ হুংকাৰ - Barpeta AASU CAA protest
বৰপেটাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী ৷ ৰাজ্যত পুনৰ ধাৰাবাহিক ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰাৰ সমান্তৰালকৈ আইনী যুঁজ চলাই যোৱাৰো হুংকাৰ প্ৰদান কৰে বৰপেটা জিলা ছাত্ৰ সন্থাই ।
‘কা’ৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ গণ হুংকাৰ
এই প্ৰতিবাদী কাৰ্যসূচীত ‘কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ উপৰিও ডবা-শংখ বজাই আৰু চৰকাৰী বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৰ সদস্যসকলে ৷
লগতে পঢ়ক-বিটিচি নিৰ্বাচনৰ চাৰি খন জিলাৰ ফলাফলৰ শেহতীয়া অগ্ৰগতি