ৰপেটা, ১৬ ছেপ্টেম্বৰ : বৰপেটাৰ দামালঝাৰ গাঁওত এজন যুৱকক আক্ৰমণ একাংশ যুৱকৰ ৷ লাঠিৰে কোবাই কোবাই যুৱকজনৰ ভৰি পৰ্যন্ত ভাঙি পেলায় ৷ বৰপেটা জিলাৰ দামালঝাৰ গাঁৱৰ মনোৱাৰ হুছেইনৰ নেতৃত্বত দেওবাৰে সংঘটিত হৈছিল আক্ৰমণৰ এই ঘটনা ৷ গুৰুতৰভাৱে আহত তালেবৰ ছিকডাৰ নামৰ যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় বৰপেটা চিকিৎসা মহাবিদ্যালয়ত৷ বিস্কুট আদি সামগ্ৰী ঘৰে ঘৰে বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা যুৱকজনে শনিবাৰে পুৱা ঘৰৰ পৰা ওলাই গৈছিল সামগ্ৰী বিক্ৰী কৰিবলৈ ৷ ফেৰী ধৰিবলৈ ওলাই যোৱাৰ পথতে দামালঝাৰ গাঁৱৰ মনোৱাৰ হুছেইনৰ পৰিয়ালৰ একাংশ লোকে আক্ৰমণ কৰে যুৱকজনক৷ পূৰ্বৰ এটা ঘটনাৰ বাবে এই আক্ৰমণ কৰে যুৱকজনৰ নামত ৷
বৰপেটাত এজন যুৱকক বৰ্বৰ প্ৰহাৰ একাংশ যুৱকৰ - ৰপেটা জিলাৰ দামালঝাৰ গাঁৱ
বৰপেটা জিলাৰ দামালঝাৰ গাঁৱৰ মনোৱাৰ হুছেইনৰ নেতৃত্বত দেওবাৰে তালেবৰ ছিকডাৰ নামৰ যুৱকজনক বৰ্বৰভাৱে আক্ৰমণ কৰে একাংশ লোকে ৷
![বৰপেটাত এজন যুৱকক বৰ্বৰ প্ৰহাৰ একাংশ যুৱকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4457347-thumbnail-3x2-barpeta.jpg)
বৰপেটাত এজন যুৱকক বৰ্বৰ প্ৰহাৰ একাংশ যুৱকৰ
বৰপেটাত এজন যুৱকক বৰ্বৰ প্ৰহাৰ একাংশ যুৱকৰ
উল্লেখযোগ্য যে প্ৰায় এবছৰ পূৰ্বে দামালঝাৰ গাঁৱৰ উক্ত পৰিয়ালটোৰ নাবালিকা ছোৱালী এজনী পলুৱাই নিছিল তালেবৰ ছিকদাৰ নামৰ যুৱকজনে৷ এই ঘটনাটোক লৈ ৰাজহুৱা বিচাৰত তালেবৰ ছিকদাৰক দুই লাখ পঞ্চাছ হাজাৰ টকাৰ জৰিমনা বিহাৰ উপৰিও তিনিমাহ জেল খাটিও আহিছিল তালেৱৰ ছিকদাৰ৷ কিন্তু উক্ত ঘটনাৰ বাবে ইতিমধ্যে শাস্তি ভোগাৰ পাছতো পুনৰ সেই একেই ঘটনাৰ বাবে শাস্তি দিয়াতো গ্ৰহণ যোগ্য হ'ব নোৱাৰে ৷ ইপিনে এই ঘটনাৰ সৈতে জড়িত ৰজব আলী নামৰ এজন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে ৷