অসম

assam

ETV Bharat / state

Barpeta Satra: বুঢ়া সত্ৰীয়াৰ অবৰ্তমানত কিদৰে চলিছে বৰপেটা সত্ৰ ?

বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ প্ৰস্থানৰ পিছত কেৱল বৰপেটা সত্ৰতে নহয় সামগ্ৰিকভাৱে ৰাজ্যৰ বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিমণ্ডলত সৃষ্টি হ’ল এটা বৃহৎ শূণ্যতা ৷ গহীন গম্ভীৰ কণ্ঠ আৰু উদাৰ দৃষ্টিভংগীৰে সমাজখনক আগুৱাই লৈ যোৱা বুঢ়া সত্ৰীয়াগৰাকীৰ প্ৰয়াণ ঘটিলেও অৱশ্যে নিত্য-নৈমিত্তিম ভাৱেই চলি আছে নাম-প্ৰসংগ, পূৰ্বৰ পৰম্পৰা ৷ কিন্তু গুৰুজনাৰ অবৰ্তমান গভীৰ ভাৱে বহন কৰি ফুৰিছে সকলোৱে ৷

Barpeta Satra
বুঢ়া সত্ৰীয়াৰ অবৰ্তমানত কি দৰে চলিছে বৰপেটা সত্ৰ?

By

Published : Dec 7, 2022, 4:51 PM IST

বৰপেটা, 7 ডিচেম্বৰ:সত্ৰীয়া সংস্কৃতিৰ বটবৃক্ষ তথা বৈষ্ণৱ ধৰ্মৰ ধাৰক-বাহক বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মহাপ্ৰয়াণে অতিক্ৰম কৰিলে এমাহৰো অধিক দিন(Basistha Dev Sarma) ৷ বিগত 22 অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে ইহলীলা সম্বৰণ কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াগৰাকীয়ে(Barpeta Satra) ৷

বুঢ়া সত্ৰীয়াৰ অবৰ্তমানত কি দৰে চলিছে বৰপেটা সত্ৰ ?

কেৱল এজন ব্যক্তিয়েই নহয়, সকলোৰে বাবে এটা অনুষ্ঠান হৈ পৰা গুৰুজনাৰ অনুপস্থতিতি এতিয়া বাৰুকৈয়ে অনুভৱ কৰিছে সত্ৰনগৰী বৰপেটাবাসীৰ লগতে সত্ৰৰ ভকত বৈষ্ণৱ সকলে ৷ এতিয়া আৰু নিতৌ পুৱাই সত্ৰৰ নাম প্ৰসংগত অংশ ল’বলৈ দালানেৰে নামি নাহে বুঢ়া সত্ৰীয়াগৰাকী ৷

তেখেতৰ মহাপ্ৰস্থানৰ পিছত কেৱল বৰপেটা সত্ৰতে নহয় সামগ্ৰিকভাৱে ৰাজ্যৰ বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিমণ্ডলত সৃষ্টি হ’ল এটা বৃহৎ শূণ্যতা ৷ গহীন গম্ভীৰ কণ্ঠ আৰু উদাৰ দৃষ্টিভংগীৰে সমাজখনক আগুৱাই লৈ যোৱা বুঢ়া সত্ৰীয়াগৰাকীৰ প্ৰয়াণ ঘটিলেও অৱশ্যে নিত্য-নৈমিত্তিম ভাৱেই চলি আছে নাম-প্ৰসংগ, পূৰ্বৰ পৰম্পৰা ৷ কিন্তু গুৰুজনাৰ অবৰ্তমান গভীৰ ভাৱে বহন কৰি ফুৰিছে সকলোৱে ৷

সত্ৰৰ নাম-প্ৰসংগত ভাগ লোৱাৰ সময়ত কীৰ্তন ঘৰৰ ভিতৰৰ মনিকূটত থকা বুঢ়া সত্ৰীয়া বাপজনাৰ পবিত্ৰ স্থান এতিয়া শূন্য ৷ উল্লেখ্য যে ৰাজ্যৰ পৰিধি অতিক্ৰম কৰি পশ্চিমবংগ, বিহাৰ, দিল্লী,পঞ্জাৱ,মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল ৷

১৯৯৩ চনত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে নিৰ্বাাচিত হোৱা বশিষ্ঠ দেৱ শৰ্মা পৰৱৰ্তী সময়ত বুঢ়া সত্ৰীয়া হিচাপে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি সেৱা আগবঢ়াই গৈছে ৷ বাপজনাই ১৪ বছৰ ধৰি ডেকা সত্ৰীয়া হিচাপে সেৱা আগবঢ়োৱাৰ পিচত ২০০৭ চনত তেওঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰূপে নিৰ্বাচিত হোৱাৰ পিচত মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদত অধিষ্ঠিত হৈ আছিল ৷

সম্প্ৰতি ডেকা সত্ৰীয়া গৌতম পাঠকে সমাপন কৰি আছে বুঢ়া সত্ৰীয়াগৰাকীৰ কাম-কাজ ৷ সত্ৰীয়া ধৰ্ম-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে শ্ৰীমন্ত শংকৰদেৱ বটাৰে সন্মানিত কৰা হৈছিল বুঢ়া সত্ৰীয়াগৰাকীক ৷ বশিষ্ট দেৱ শৰ্মাৰ মহাপ্ৰয়াণৰ পিচত চৰকাৰী বিধিৰে অনুষ্ঠিত নিৰ্বাচনী প্ৰক্ৰিয়াৰ দ্বাৰা হয়তো বুঢ়াসত্ৰীয়াৰ শূণ্য আসনখন পুৰণ কৰিব পৰা যাব ৷ কিন্তু সত্ৰীয়া সংস্কৃতিৰ এই পথাৰখনত তেঁওৰ যি শূন্যতা, তেঁওৰ যি ৰিক্ত স্থান সেয়া পুৰণ কৰাটো যেন অসম্ভৱ হৈ পৰিব ৷

ABOUT THE AUTHOR

...view details