অসম

assam

ETV Bharat / state

বৰনগৰ মহাবিদ্যালয় আছু গোটৰ দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচী - Barpeta news

পৰিবহণ ব্যৱস্থাৰ সম্বন্ধিত কেইবাটাও দাবীত বৃহস্পতিবাৰে সৰভোগৰ বৰনগৰ মহাবিদ্যালয় আছু গোটে ৰূপায়ণ কৰে দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৷

বৰনগৰ মহাবিদ্যালয় আছু গোটৰ দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

By

Published : Sep 19, 2019, 11:54 PM IST

বৰপেটা, 19 চেপ্টেম্বৰঃ বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ আছু গোটে বৃহস্পতিবাৰে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বৰনগৰ মহাবিদ্যালয়খনৰ সন্মুখত ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত 'বৰপেটা জিলা উপায়ুক্ত হায় হায়' 'পৰিবহন মন্ত্ৰী হায় হায়' 'পৰিবহণ বিভাগ হায় হায়' 'বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা জিন্দাবাদ' আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

বৰনগৰ মহাবিদ্যালয় আছু গোটৰ দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

মহাবিদ্যালয়ৰ কাষেৰে যোৱা ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈ অহা দুৰ্ঘটনা ৰোধ কৰা, কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাছৰ ভাৰা ৫০% কৰা আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীক বাছ কণ্ডাক্তৰে কৰা দুৰ্ব্যৱহাৰ বন্ধ কৰা আদিৰ দাবীত বৃহস্পতিবাৰে সৰভোগৰ বৰনগৰ মহাবিদ্যালয় আছু গোটে ৰূপায়ণ কৰে এই দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৷ বৰনগৰ কলেজৰ আছু গোটে বৰপেটা জিলা প্ৰশাসনক এনে খামখেয়ালী বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

ABOUT THE AUTHOR

...view details