অসম

assam

ETV Bharat / state

কলগাছিয়া ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত জালিয়াতিৰ অভিযোগ - ভাৰতীয় ষ্টেট বেংক সৰভোগ শাখা

কলগাছিয়াৰ হালধীয়া পাথাৰত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত বিয়াগোম জালিয়াতিৰ অভিযোগ । শতাধিক ছাত্ৰ- ছাত্ৰীৰ স্ক'লাৰশ্বিপৰ ধন আৰু সাধাৰণ গ্ৰাহকৰ একাউণ্টৰ টকা আত্মসাতৰ অভিযোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

bank-manager-froud-with-customers
কলগাছিয়াত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত বিয়াগোম জালিয়াতিৰ অভিযোগ

By

Published : Apr 21, 2020, 12:23 PM IST

Updated : Apr 21, 2020, 2:15 PM IST

জনীয়া, 21 এপ্ৰিল: কৰ‘ণা ভাইৰাছৰ ভয়াৱহতাৰ ফলত বিধ্বস্ত হৈছে বিশ্বৰ অৰ্থনীতি ৷ ভাৰতীয় অৰ্থনীতিতো পৰিছে ইয়াৰ ব্যাপক প্ৰভাৱ ৷ লক ডাউনৰ সময়ত দুবেলা দুমুঠি অন্ন যোগাৰ কৰিবলৈ অপাৰগ বহু লোক ৷ তেনে ক্ষেত্ৰত দৰিদ্ৰ লোকৰ সহায়ৰ বাবে চৰকাৰেও দৰিদ্ৰ লোকৰ বাবে কৰিছে আৰ্থিক সহায়ৰ ব্যৱস্থা ৷ অৰ্থ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰাত বহু গ্ৰামাঞ্চলৰ লোকৰ বাবে বেংকত সঞ্চয় কৰি থোৱা কষ্টোপাৰ্জিত ধনখিনিয়েই শেষ ভৰষা ৷ কিন্তু বৰপেটা জিলাৰ কলগাছিয়াৰ হালধীয়া পাথাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত বিয়াগোম জালিয়াতিৰ অভিযোগ উত্থাপন হোবাৰ পাছতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । উক্ত গ্ৰাহক সেৱা কেন্দ্ৰখনত অ়ঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ স্ক'লাৰশ্বিপৰ ধন আৰু সাধাৰণ গ্ৰাহকৰ একাউণ্টৰ জমা ধন প্ৰৱঞ্চনাৰে বেংক কৰ্তৃপক্ষই আত্মসাতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

কলগাছিয়া ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত জালিয়াতিৰ অভিযোগ

ভাৰতীয় ষ্টেট বেংক সৰভোগ শাখাৰ অধীনস্থ হালধীয়া পাথাৰ এলেকাৰ গ্ৰাহকৰ সেৱাৰ বাবে খৰিচালা বজাৰত অৱস্থিত চি এচ পি খনত গ্ৰাহকে একাউণ্ট খোলাৰ সময়তেই অপাৰেটৰজনে ছলাহী কথা আৰু জালিয়াতি কৰি একাংশ লোকৰ একাউন্টত নিজৰ ফিংগাৰ প্ৰিণ্ট স্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে । অলপতে একাউন্টত সোমোৱা স্ক'লাৰশ্বিপৰ ধন,প্ৰধানমন্ত্ৰীৰ জন ধন আঁচনি আৰু কৃষক সন্মান নিধিৰ টকা সোমোৱাৰ সুযোগ লৈ অপাৰেটৰ মনিৰ উদ্দিনে বিভিন্ন ছলাহিৰে আবাদি গাঁৱৰ মৰ্জিনা খাতুনৰ একাউন্টৰ পৰা ৭০০০/- টকা,একে গাঁৱৰে শহিদা খাতুনৰ একাউণ্টৰ পৰা ৫০০০/- টকাকে আদি কৰি শতাধিক গ্ৰাহকৰ একাউন্টৰ সাঁচতীয়া ধন হৰলুকী কৰাৰ অভিযোগ উঠিছে। যাৰ ফলত এতিয়া ভুক্তভোগী লোকে উক্ত গ্ৰাহক সেৱা কেন্দ্ৰখন বাতিল কৰাৰ লগতে উচিত তদন্ত কৰি পৰিচালকজনকো গ্ৰেপ্তাৰৰ দাবী তুলিছে।
লগতে পঢ়ক: লক ডাউনৰ সুবিধা লৈ ডিব্ৰুগড়ত পাচলিৰ চিণ্ডিকেট

Last Updated : Apr 21, 2020, 2:15 PM IST

ABOUT THE AUTHOR

...view details