অসম

assam

Bank employees protest in Assam : বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Dec 16, 2021, 2:20 PM IST

বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে ইউনাইটেড ফ'ৰাম অৱ বেংক ইউনিয়নচৰ প্ৰতিবাদ (Bank Employes Union Protest) ৷ দেশব্যাপী বন্ধ বেংকসেৱা ৷

Bank Employes Union Protest
বৰপেটাত বেংক কৰ্মচাৰীৰ প্ৰতিবাদ

বৰপেটা, ১৬ ডিচেম্বৰ :দেশজুৰি বৃহস্পতিবাৰে স্তব্ধ হ’ল বেংক সেৱা (Closed Banking Services all Over India) ৷ 16 আৰু 17 ডিচেম্বৰ এই দুটা দিনত বেংকত নহ’ব কোনো লেন-দেন ৷ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগতকৰণৰ বাবে লোৱা এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি বেংক কৰ্মচাৰীসকলে বন্ধ ৰাখিছে বেংকৰ কাম-কাজ ৷

আনকি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয়কৃত বেংক ব্যক্তিগতকৰণৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত বেংক কৰ্মচাৰীসকলে ঐক্যৱদ্ধভাৱে বৃহস্পতিবাৰে ইউনাইটেড ফ'ৰাম অৱ বেংক ইউনিয়নচ (United Forum of Bank Unions )ৰ উদ্যোগত সাব্যস্ত কৰে প্ৰতিবাদ ৷ যাৰ বিৰোধিতাৰে বৰপেটাতো ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বেংক কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ (Bank Employes Union Protest) ৷ সকলোৰে দাবী, ‘‘চৰকাৰে বাতিল কৰক বেংক ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত’’ ৷

বৰপেটাত বেংক কৰ্মচাৰীৰ প্ৰতিবাদ

বৰপেটা জিলাত থকা বিভিন্ন বেংকৰ ১০১ টা শাখা কাৰ্যালয়ৰ কৰ্মচাৰী সকলে বুধবাৰে পুৱাৰে পৰা বেংকৰ কাম কাজসমূহ বন্ধ কৰি চামিল হয় এই প্ৰতিবাদত ৷ ৰাষ্ট্ৰীয়কৃত বেংক কোনোপধ্যেই ব্যক্তিগতকৰণৰ কৰিবলৈ দিয়া নহ’ব বুলিও সকিয়নি প্ৰদান কৰে বেংক কৰ্মচাৰী ইউনিয়নে ৷ যদিহে এই সিদ্ধান্ত বাতিল নকৰে, তেন্তে বেংক কৰ্মচাৰীসকলে তীব্ৰতৰ কৰি তুলিব এই আন্দোলন ৷

ৰাষ্ট্ৰীয়কৃত বেংকসমূহ ব্যক্তিগতকৰণৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হৈ পৰিব ৷ লগতে চৰকাৰৰ ব্যক্তিগতকৰণৰ এই সিদ্ধান্তক জনস্বাৰ্থ বিৰোধী ৷ এই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বৰপেটাৰ প্ৰতিবাদী বেংক কৰ্মচাৰী সকলে ৷

উল্লেখ্য যে, বুধাবাৰে বৰপেটাৰ ১০১ টা ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখা কাৰ্যালয় বন্ধ হৈ পৰাৰ ফলত সকলো বিত্তীয় কাম কাজ স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ ইপিনে বুধবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাইছে ব্যক্তিগত বেংক সমূহেও ৷

লগতে পঢ়ক :শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details