জনীয়া, 13 জুলাই :কলগাছিয়াৰ বালিকুৰিত এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি ৰাইজৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিশিষ্ট সমাজ কৰ্মী শ্বহিদুল ইছলামে। বালিকুৰি আৰক্ষী চকীৰ পৰা বালিকুৰি কে গাওঁ,বালিকুৰি এন চি,চৰ বালিকুৰি,বাংকুবাঙ্গা,দিকজানি,চৰ দিকজানিৰ লগতে দহ খনৰো অধিক গাঁৱৰ ৰাইজৰ মাজৰ যাতায়তৰ মাধ্যম হৈছে এটা পথ ৷ পথটোৰ মাজতে থকা এটা খালে বিগত কেবাদিনেযমৰ যান্ত্ৰণা ভোগাই আহিছে পথচাৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজক।
ৰাইজৰ মুখত হাঁহি বিৰিঙালে কলগাছিয়াৰ শ্বহিদুল ইছলামে - Kalgachia briedge
৮৩ নং সোনাপুৰ ৰোভি গাঁও পঞ্চায়তৰ সভাপতিক এখন সাঁকো বনাই দিবলৈ বহু আবেদন কৰিও আজিকোপতি কোনো সুফল নাপালে । পৰৱৰ্তী সময়ত,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বহিদুল ইছলামক এই সম্পৰ্কে অৱগত কৰাত শ্বহিদুল ইছলামে তেওঁৰ সতীৰ্থসকলৰ জৰিয়তে দুদিনৰ ভিতৰতে ৰাইজৰ বাবে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি দিয়ে ৷
লগতে পঢ়়কঃ গোৱালপাৰাত প্লাষ্টিকৰ আটাক লৈ চিন্তিত গ্ৰাহক!
এই ক্ষেত্ৰত ৰাইজে ৮৩ নং সোনাপুৰ ৰোভি গাঁও পঞ্চায়তৰ সভাপতিক এখন সাঁকো বনাই দিবলৈ বহু আবেদন কৰিও আজিকোপতি কোনো সুফল নাপালে । পৰৱৰ্তী সময়ত,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বহিদুল ইছলামক এই সম্পৰ্কে অৱগত কৰাত শ্বহিদুল ইছলামে তেওঁৰ সতীৰ্থসকলৰ জৰিয়তে দুদিনৰ ভিতৰতে ৰাইজৰ বাবে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি দিয়ে ৷ অধিবক্তাগৰাকীৰ এই সহায়ে ৰাইজৰ কেবাদিনৰ এটি সমস্যাৰ সমাধা কৰিলে সেয়ে ৰাইজৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় অধিবক্তাগৰাকীয়ে । উল্লেখ্য যে,বালিকুৰি অঞ্চলৰ এইটো হৈছে অতি পুৰণি আৰু ব্যস্ততাপূৰ্ণ গ্ৰাম্য পথ। এই পথটো অতি শীঘ্ৰেই পকী কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে।