অসম

assam

ETV Bharat / state

বাঁহৰ সাঁকো ভাঙি বাইক আৰোহী পৰিল পানীত - গুনীলগুৰি জি কে আৰবী কলেজৰ উপাধ্যক্ষ

বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া কোকিলা-গুনিয়ালগুৰি সংযোগী বাঁহৰ সাঁকো ভাঙি বৃহস্পতিবাৰে গুনীলগুৰি জি কে আৰবী কলেজৰ উপাধ্যক্ষ দুৰ্ঘটনাত পতিত হয় ৷ প্ৰায় তিনিটা বছৰে বঙাইগাঁও জিলা গঢ়কাপ্তানী বিভাগ আৰু ঠিকাদাৰৰ গাফিলাতিৰ বাবে পকী দলং সম্পূৰ্ণ হৈ নুঠাত ক্ষেভ উজাৰিছে অঞ্চলবাসীয়ে ৷

bamboo-bridge-accident-at-joniya
বাঁহৰ সাঁকো ভাঙি বাইক আৰোহী পৰিল পানীত

By

Published : Feb 12, 2021, 7:34 AM IST

জনীয়া, 12 ফেব্ৰুৱাৰীঃবৃহস্পতিবাৰে বাঁহৰ সাঁকো ভাঙি এগৰাকী বাইক আৰোহী দুৰ্ঘটনাত পতিত হয় ৷ জহি খহি যোৱা বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া কোকিলা-গুনিয়ালগুৰি সংযোগী বাঁহৰ সাঁকো ভাঙি গুনীলগুৰি জি কে আৰবী কলেজৰ উপাধ্যক্ষ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ যাৰ ফলত গুৰুত্বৰ ভাৱে আহত হয় গুনীলগুৰি জি কে আৰবী কলেজৰ উপাধ্যক্ষ গৰাকী ৷ প্ৰাপ্ত তথ্য অনুসৰি কলেজৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা ৷

বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া কোকিলা-গুনিয়ালগুৰি সংযোগী নিৰ্মীয়মান পকী দলংখন আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল ৷ নিৰ্মীয়মান পকী দলংখনৰ বাদে বাহঁৰ জৰাজীৰ্ণ সাকোঁৱেদি যাতায়ত কৰিব লগাত পৰিছে অঞ্চলবাসী ৷ ইয়াৰ পূৰ্বেও সংঘটিত হৈ আহিছে এনেধৰণৰ বহু দূৰ্ঘটনা ৷ মেৰামতি নকৰাৰ ফলত মাজে সময়ে ভঙা সাকোঁৰ পৰা পৰি ইতিমধ্যে কেইবাজনো ব্যক্তিৰ হাত ভৰি ভঙিছে বুলি ৰাইজে মন্তব্য কৰিছে ৷

উল্লেখ্য যে, 2017/18 বৰ্ষতেই উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰিকে এই দলং খনৰ নিৰ্মাণকাৰ্যৰ শুভ উদ্ভোধন কৰিছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, বঙাইগাঁও জিলা গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰৰ গাফিলাতিৰ বাবেই প্ৰায় তিনিটা বছৰ পাৰ হোৱা স্বত্বেও সম্পূৰ্ণ হৈ নুঠিল দলং খন ৷ এই অভিযোগ উত্থাপন কৰিছে বৰপেটা আৰু বঙাইগাও জিলাৰ সীমামুৰীয়া কোকিলা-গুনিয়ালগুৰিৰ ৰাইজে ৷

যাৰ বাবে অঞ্চলবাসী ৰাইজে যাতায়তৰ বাবে বিকল্প পথ বিচাৰি সাঁজি লৈছিল বাঁহৰ সাঁকো ৷ কিন্তু এই বাঁহৰ সাঁকো খনো এতিয়া জহি-খহি যোৱাৰ পথত ৷ যাৰ ফলত উপায়ন্তৰ হৈ পৰিছে দুয়ো পাৰৰ ৰাইজ ৷

দলং খনৰ নিৰ্মাণত হোৱা দুৰ্নীতি আৰু হেমাহিৰ বাতৰি ধাৰাবাহিক ভাৱে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছ যদিও বিভাগীয় কতৃপক্ষ আৰু ঠিকাদাৰে কোনো ধৰনৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । এই ক্ষেত্ৰত বিষয়টো সন্দৰ্ভত বিভাগীয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়কঃ18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

ABOUT THE AUTHOR

...view details