অসম

assam

ETV Bharat / state

Mekhela sadar controversy: অধ্যাপিকাই চুৰিদাৰ পিন্ধাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক, মহাবিদ্যালয়ত ছাত্ৰই লগালে তলা - মহাবিদ্যালয়ত ছাত্ৰই লগালে তলা

পাটাছাৰকুছিৰ ঐতিহ্যমণ্ডিত নিৰ্ম্মল হালৈ মহাবিদ্যলয়ত উত্তপ্ত পৰিস্থিতি ৷ নৱনিযুক্ত তিনিগৰাকী অধ্যাপিকাই চুৰিদাৰ পিন্ধি যোৱাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় মহাবিদ্যালয়খনত ৷

Mekhela sadar controversy
অধ্যাপিকাই চুৰিদাৰ পিন্ধাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক

By

Published : Aug 8, 2023, 9:22 PM IST

অধ্যাপিকাই চুৰিদাৰ পিন্ধাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক

বজালী, ৮ আগষ্ট : নতুন শিক্ষা নীতিৰ ৰূপায়ণক লৈ ব্যস্ত হৈ পৰিছে শিক্ষানুষ্ঠানৰ লগতে ৰাজ্যৰ মহাবিদ্যালয়সমূহ ৷ ইয়াৰ বিপৰীতে অসমৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ ব্যস্ত হৈ আছে মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধা-নিপিন্ধা বিতৰ্কক লৈ ৷ এই ঘটনা ঘটিছে শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ খ্যাত বজালীত ৷

বজালীৰ পাটাছাৰকুছিৰ ঐতিহ্যমণ্ডিত নিৰ্ম্মল হালৈ মহাবিদ্যলয়লৈ নৱনিযুক্ত তিনিগৰাকী অধ্যাপিকাই চুৰিদাৰ পিন্ধি যোৱাক কেন্দ্ৰ কৰি মঙলবাৰে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় মহাবিদ্যালয়খনত ৷ ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীয়ে তলা লগাই দিয়ে নিৰ্ম্মল হালৈ মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত । যাৰ ফলত পুৱাৰে পৰা অধ্যাপক-অধ্যাপিকাসকলে বহি থাকিবলগীয়া হয় বাৰাণ্ডাত ।

পুৱা 8.45 মিনিটৰ পৰা প্ৰায় 11 বজালৈ বাৰাণ্ডাত অথবা গছৰ তলত বহি থাকিবলৈ বাধ্য হয় মহাবিদ্যালয়খনৰ শিক্ষকসকল । তলা বন্ধৰ কাৰণ হৈছে তিনিগৰাকী নৱনিযুক্ত অধ্যাপিকাই চুৰিদাৰ পিন্ধি অহাক লৈ ছাত্ৰ একতা সভাৰ বিতৰ্কৰ সূত্ৰপাত কৰে । ইফালে এই ঘটনাৰ পিচতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়েও ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰি, যথেষ্ট পলমকৈহে শিক্ষানুষ্ঠানখনত উপস্থিত হয় ৷ যাৰ বাবে পৰিস্থিতি অধিক অৱনতি ঘটাৰ অভিযোগ উত্থাপিত হৈছে।

ইপিনে চুৰিদাৰ বিতৰ্কৰ মাজতে ছাত্ৰ একতা সভাই এগৰাকী নৱনিযুক্ত অধ্যাপিকাৰ বিৰুদ্ধে আনিলে আন এক অভিযোগ । ছাত্ৰ একতা সভাই প্ৰবক্তা কেইগৰাকীক চুৰিদাৰৰ পৰিৱৰ্তে মেখেলা-চাদৰ পিন্ধিবলৈ দাবী জনোৱাৰ পিছত চুৰিদাৰ পিন্ধা মহিলা প্ৰৱক্তা এগৰাকীয়ে এজন ছাত্ৰৰ সম্প্ৰদায়ক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগ তোলে ছাত্ৰ একতা সভাই । আনহাতে ছাত্ৰ সকলৰ এনে অভিযোগ পোনচাটেই নাকচ কৰাৰ উপৰি নিজেই নিম্ন সম্প্ৰদায়ৰ বুলি ব্যক্ত কৰে ভুক্তভোগী প্ৰবক্তাগৰাকীয়ে ।

এই ঘটনাক কেন্দ্ৰ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সুৰ মিলাই কয় যে মহিলা প্ৰবক্তাসকলে চাদৰ মেখেলা পৰিধান কৰি অহা উচিত । অধ্যক্ষ ভূপেশ শৰ্মাৰ যুক্তি যে কাৰণ আন পোচাক Lower Education ৰ ক্ষেত্ৰতহে চৰকাৰে প্ৰযোজ্য কৰিছে, Higher Education ৰ বাবে নহয় ।

উক্ত ঘটনাৰ পিচতে আজি বিষয় সন্দৰ্ভত ছাত্ৰ একতা সভা আৰু মহাবিদ্যালয় শিক্ষক গোটৰ মাজত এক সভা অনুষ্ঠিত হয় । সভাত কি সিন্ধান্ত লোৱা হয় সেয়া ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে সকলো পক্ষ । কিন্তু মহাবিদ্যালয়ত মহিলা অধ্যাপিকাই চুৰিদাৰ পিন্ধাৰ বিৰোধিতা কৰি শিক্ষাৰ প্ৰাণকেন্দ্ৰ বজালীত যি পৰিৱেশ সৃষ্টি হ’ল সেয়া চিন্তনীয় ৷

লগতে পঢ়ক:Assam Agricultural University: সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান

ABOUT THE AUTHOR

...view details