পাঠশালা, 9 জুন:বাৰিষাৰ প্ৰথম জাক বৰষুণতে শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ । বজালীৰ ভালুকীৰ কালদিয়া নৈৰ জলস্তৰ ফেনে ফুটুকাৰে বৃদ্ধি পাইছে ৷ ভালুকী হাইস্কুলৰ পৰা কিছুদূৰ পূব দিশত আগবাঢ়ি গ'লেই খহনীয়াৰ কৱলত পৰা অংশটি চকুত পৰে । নৈৰ কাষেৰে পাৰ হৈ যোৱা পথটিয়ে সমগ্ৰ অঞ্চলটোৰ লোকক এফালে টিং আৰু আনহাতে কনিমাৰা হৈ পাটাছাৰকুছিৰ লগত সংযোগ কৰে ৷
কালদীয়া নৈৰ গৰাখহনীয়াই নিদ্ৰা হৰিছে গঞাৰ - যাতায়াত ব্যৱস্থা বন্ধ
বাৰিষাৰ প্ৰথম জাক বৰষুণতে চিন্তিত নৈ পৰিয়া ৰাইজ । বজালীৰ ভালুকীৰ কালদিয়া নৈৰ জলস্তৰ ফেনে ফুটুকাৰে বাঢ়ি অহাত শংকিত গঞা ৰাইজ ৷
কালদীয়া নৈৰ গৰাখহনীয়াই নিদ্ৰা হৰিছে গঞাৰ
কিন্তু ভয়াৱহভাৱে যি গতিত নৈৰ খহনীয়াই পথটিৰ ফালে আগুৱাই আহিছে, মাত্ৰ সামান্য অংশ আগবাঢ়িলেই ৰাস্তাটো নৈৰ বুকুত জাহ গৈ যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰাৰ লগতে ক্ষুদ্ৰ ভালুকী, বৰ ভালুকী, বালিপাৰা, নিজখানা আদি কেইবাখনো গাঁও নৈৰ পানীয়ে বুৰাই পেলাব । উল্লেখ্য যে, নৈখনৰ পাৰত থকা বাঁহ আৰু গছ-গছনিৰ পানীৰ প্ৰবল সোঁতত উঘালি গৈ নৈখনৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷
লগতে পঢ়ক:ৰঙিয়াত বৰলীয়াৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল