বজালী,12 মে’:বজালী জিলাৰ সীমান্তৱৰ্তী কাৱৈমাৰি গাঁৱৰ শৈলেন কাকতি পেছাত এজন দোকানী ৷ নিজৰ দোকানৰ সামগ্ৰী অনাৰ বাবে পূৰ্বতে বহু সমস্যাৰ সম্মুখীন হৈছিল তেওঁ পিছত, ঘৰতে পেলনীয়া সামগ্ৰী ব্যৱহাৰৰ যোগ্য যেনে চাইকেলৰ পুৰণা টায়াৰ , লাইট , বেটাৰী আদি লগাই চার্জিঙ মাল টনা বাহন এখন প্ৰস্তুত কৰি উলিয়াই ।
বজালীত ৰাইজৰ দৃষ্টি কাঢ়িছে এখন বিশেষ চাৰিচকীয়া বাহনে - bajali four wheeler innovation
অভাৱেই আৱিষ্কাৰৰ মূল-এই কথা আখৰে আখৰে সত্য প্ৰমাণিত কৰি দেখুৱাইছে বজালীৰ শৈলেন কলিতাই । বজালী জিলাৰ সীমান্তৱৰ্তী গাঁও কাৱৈমাৰীৰ এই গৰাকী ব্যক্তিয়ে প্ৰায় তিনিমাহ ধৰি কৰা এক প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ কৰি উলিয়ালে এখন বিশেষ চাৰিচকীয়া বাহন ৷

বজালীত আকৰ্ষণৰ কেন্দ্ৰত এখন বিশেষ চাৰিচকীয়া বাহন
বজালীত ৰাইজৰ দৃষ্টি কাঢ়িছে এখন বিশেষ চাৰিচকীয়া বাহনে
বাহনখন সম্পূৰ্ণ কৰাৰ নামত প্ৰায় ৭৫ হাজাৰ টকাৰ ব্যয় হয় কাকতিৰ। বাহন খনৰ ক্ষেত্ৰত এতিয়াও বহু কাম বাকী আছে যদিও, ৰাজপথত চলাবলৈ সক্ষম হৈছে শৈলেন কাকতিয়ে । বাহন খনৰ ওজন কাঢ়িয়াব পৰা ক্ষমতা প্ৰায় ৩০০ কেজিৰ ওপৰত । শৈলেন কাকতিৰ এনেকুৱা কাৰ্য্যত গাঁওবাসী গৌৰৱান্বিত হোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ ৰাইজে।
লগতে পঢ়ক :জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড যোদ্ধাৰ বাবে নাই চৰকাৰী আৱাসৰ ব্যৱস্থা
Last Updated : May 13, 2021, 8:42 PM IST