বজালী,6 মে’:বজালী জিলাত ভয়াৱহ ৰূপত বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা । বৃহস্পতিবাৰে বজালীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থানীয় বিভিন্ন দল-সংগঠন, ব্যৱসায় সন্থাসমূহৰ লগতে জিলাখনৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস আৰু সংবাদকর্মীসকলক লগত লৈ উপায়ুক্ত গৰাকীয়ে এখন সংবাদমেল আয়োজন কৰে ।
এই সংবাদমেলত কেনেদৰে ক’ভিডৰ লগত যুঁজিব পাৰি অথবা ক’ভিড সম্পৰ্কীয় নীতি-নিয়মসমূহ ৰাইজৰ মাজত কেনেদৰে প্ৰচাৰ কৰিব পাৰি, উপস্থিত লোকসকলৰ সৈতে আলোচনা কৰে উপায়ুক্ত গৰাকীয়ে ৷
বজালীৰ উপায়ুক্তৰ ক’ভিড সম্পৰ্কীয় সংবাদমেল সম্বোধন উল্লেখ্য যে, জিলাখনত বৰ্তমানলৈকে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা 357 গৰাকীলৈ বৃদ্ধি হোৱাৰ বিপৰীতে 3 গৰাকী লোকৰ মৃত্যু হৈছে । ইফালে হোম কোৱাৰেণ্টাইনত নিয়োজিত কর্মীসকলকো সাজু কৰি তোলা হৈছে বুলি জানিব দিছে উপায়ুক্ত গৰাকীয়ে । জিলা প্ৰশাসনে কোৱাৰেণ্টাইন কেন্দ্ৰ বৃদ্ধিৰ চিন্তা-চর্চা কৰিছে আৰু এইসমূহক দুই-এদিনৰ ভিতৰতে কাৰ্যকৰী কৰা হ’ব ৷
আনহাতে, সাধাৰণতে বেংকসমূহত হোৱা ভীৰ দূৰ কৰিবলৈ বেংকৰ কিছুমান সুবিধা যেনে, বেংকৰ পাছবুক আপ-টু-ডেট বন্ধ কৰাৰ বাবে বেংক কৰ্তৃপক্ষক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে ।
লগতে পঢ়ক :কৰ'ণাত আক্ৰান্ত আশাৰাম বাপু আইচিইউত চিকিৎসাধীন