বৰপেটা, ৩০ অক্টোবৰঃবৰপেটাৰ বাঘবৰত আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত নাৰী ব্যৱসায়ী চক্ৰ ৷ ধৃত নাৰী ব্যৱসায়ীটো বাঘবৰৰ ভৈৰাৰপাম গাঁৱৰ সৰবেশ আলী ওৰফে নুৰ আলম ওৰফে নুৰু মিয়া ৷ বিভিন্ন ছদ্মনাম লৈ সৰবেশ আলীয়ে চৰ চাপৰিৰ বহু সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীক বিক্ৰী কৰি আহিছে বহিঃৰাজ্যত ৷ অৱশেষত ৰাজস্থানৰ পৰা পলাই অহা এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰী ব্যৱসায়ীটোক ৷ ধৃত নাৰী ব্যৱসায়ীটোৱে বাঘবৰৰ সত্ৰকনৰা গাঁৱৰ এগৰাকী যুৱতীক বিবাহৰ প্ৰলোভনেৰে লৈ গৈ ৰাজস্থানত বিক্ৰী কৰিছিল । অৱশ্যে সুযোগ বুজি ১৪ মাহ পিচত ৰাজস্থানৰ পৰা পলাই আহি নিজ ঘৰত উপস্থিত হয় যুৱতীগৰাকী ৷
বৰপেটাত আৰক্ষীৰ জালত কুখ্যাত নাৰী ব্যৱসায়ী - women supplier arrested in barpeta
নাৰী ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে বৰপেটা ৷ সোমবাৰে লাভ জেহাদৰ চিকাৰ হোৱা সৰভোগৰ এগৰাকী যুৱতী ৰাজস্থানত উদ্ধাৰ হোৱাৰ পিছতে মঙলবাৰে বাঘবৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল এটা কুখ্যাত নাৰী ব্যৱসায়ী ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপেটাত ৷

গ্ৰেপ্তাৰ হোৱা কুখ্যাত নাৰী ব্যৱসায়ীটো
বৰপেটাত আৰক্ষীৰ জালত কুখ্যাত নাৰী ব্যৱসায়ী
লগতে পঢ়কঃশ্ৰদ্ধাঞ্জলী কাননত মুকলি পালে অসমীয়া ছবি 'প্ৰতিঘাত'ৰ গান
আনহাতে, কুখ্যাত নাৰী ব্যৱসায়ীটোৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিলৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰী ব্যৱসায়ীটোক ৷ উল্লেখ্য যে, যুৱতীগৰাকীয়ে ৰাজস্থানতে দুমাহ পূৰ্বে জন্ম দিছে এটা সন্তান ৷ আৰু সন্তানটোক কোলাত লৈ ঘৰত উপস্থিত হোৱাৰ পিছতেই ঘটনাটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ ৷