বৰপেটা, 4 জুলাই : বৰপেটাৰোডৰ দুমহলীয়া বাছ আস্থানৰ তলৰ অংশত বাছ ৰখাৰ লগতে যাত্ৰীৰ সুবিধাৰ্থে জিৰণী চ’ৰা নিৰ্মাণ কৰা হৈছিল । বৰপেটাৰোড পৌৰসভাই বাছ পৰিচালনা সমিতিক এই বাছ আস্থান সুচাৰুৰূপে পৰিচালনা কৰাৰ দায়িত্বও অৰ্পণ কৰিছিল । কিন্তু বৰপেটাৰোড পৌৰসভাৰ বিজেপি সভানেত্ৰী সবিতা দেৱনাথৰ নেতৃত্বত চলা পৌৰসভাই চলিত বৰ্ষৰ 23 ফেব্ৰুৱাৰীৰ নিশা বৰপেটাৰোড বাছ আস্থানৰ জিৰণী চ’ৰা বন্ধ কৰি চাৰিটা কোঠালিৰ বাবে নির্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল । পৌৰসভাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বাছ পৰিচালনা সমিতিৰ সভাপতি ধীৰাজ দেউৰীয়ে ২৪ ফেব্ৰুৱাৰীত কেইবাটাও সংগঠনৰ সমৰ্থনত পৌৰসভাৰ লগতে জিলা উপায়ুক্তৰ ওচৰত প্ৰতিবাদ কৰিছিল ।
বৰপেটাৰোডৰ বাছ আস্থানত কোঠালি নিৰ্মাণৰ বিৰুদ্ধে পৌৰ প্ৰশাসন, উপায়ুক্তক স্মাৰক পত্ৰ - Etv Bharat
বৰপেটাৰোড বাছ আস্থানৰ জিৰণী চ'ৰা ভাঙি কোঠালি নিৰ্মাণৰ বাবে পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথ আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা বৰপেটাৰোড বাছ পৰিচালনা সমিতিৰ সভাপতি ধীৰাজ দেউৰীৰ মাজত গোপন বুজাবুজিৰ অভিযোগ ৷
কিন্তু প্ৰতিবাদৰ কেইদিনমান পিছতেই বাছ পৰিচালনা সমিতিৰ সভাপতি তথা কংগ্ৰেছ নেতা ধীৰাজ দেউৰীয়ে পৌৰসভাত দাখিল কৰা অভিযোগ পত্ৰ উঠাই লোৱাৰ লগতে বাছ পৰিচালনা সমিতিৰ নামত দুটা কোঠালি দাবী কৰে । ধীৰাজ দেউৰী আৰু পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথৰ গোপন বুজাবুজি ফলত পৌৰসভাই পূৰ্বৰ চাৰিটা কোঠাৰ স্থানত ছটা কোঠালি নিৰ্মাণৰ বাবে সিদ্ধান্ত লয় । বৰপেটাৰোড পৌৰসভাই যাত্ৰী জিৰণী চ’ৰাৰ স্থানত কোঠালি নির্মাণ কৰাৰ খবৰ লাভ কৰাৰ লগে লগে বৃহত্তৰ বৰপেটাৰোড ব্যৱসায়ী সন্থাই জাঙুৰ খাই উঠে । ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক সুজিৎ সাহাৰ নেতৃত্বত এটি দলে বুধবাৰে পৌৰসভাৰ উপ পৌৰপতিক সাক্ষাৎ কৰি ইয়াৰ প্ৰতিবাদ কৰে আৰু পৌৰসভাক লিখিতভাবে যাত্ৰী জিৰণী চ’ৰাত কোঠা নির্মাণত বাধা প্ৰদান কৰে । বৃহত্তৰ বৰপেটাৰোড ব্যৱসায়ী সন্থাই এই সন্দৰ্ভত জিলা উপায়ুক্ত, পৌৰ সঞ্চালক, নগৰ উন্নয়ণ বিভাগৰ কর্তৃপক্ষৰ ওচৰতো অভিযোগ দাখিল কৰে ৷