অসম

assam

শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান "বৰপেটা ৰত্ন" বঁটা

By

Published : Jan 25, 2020, 1:14 PM IST

বৰপেটাত "আমি বৰপেইটা ফেচবুক ফ'ৰাম"ৰ উদ্যোগত তৃতীয় সংখ্যক গ্ৰন্থ উৎসৱ ৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰত গ্ৰন্থ উৎসৱত শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান কৰা হয় বৰপেটা ৰত্ন বঁটা ৷

বৰপেটা
শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান "বৰপেটা ৰত্ন" বঁটা

বৰপেটা, ২৫ জানুৱাৰীঃ শুকুৰবাৰৰ পৰা বৰপেটাত আৰম্ভ হৈছে তৃতীয় গ্ৰন্থ উৎসৱ ৷ "আমি বৰপেইটা ফেচবুক ফ'ৰাম"ৰ উদ্যোগত শুকুৰবাৰৰ পৰা বৰপেটাত অনুষ্ঠিত হয় গ্ৰন্থ উৎসৱ ৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থ উৎসৱউপলক্ষে অনুষ্ঠিত উদ্ধোধনী সভাত অংশগ্ৰহন কৰে বিশিষ্ঠ সাহিত্যিক ধ্ৰুৱজ্যোতি বৰা, থানেশ্বৰ মালাকাৰকে ধৰি কেবাজনো বিশিষ্ঠ ব্যক্তিয়ে ৷ উদ্ধোধনী সভাতে সাহিত্যিক ড৹ ধ্ৰুৱজ্যোতি বৰাই উন্মোচন কৰে গ্ৰন্থ উৎসৱৰ স্মৃতিগ্ৰন্থ 'হাৰিজান'

শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান "বৰপেটা ৰত্ন" বঁটা

আনহাতে, এই সভাতে বিশিষ্ঠ লেখক তথা অসামৰিক প্ৰশাসনীয় সেৱাৰ বিষয়া তথা বৰপেটাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত থানেশ্বৰ মালাকাৰে উন্মোচন কৰে লেখক অমিয় কুমাৰ দাসৰ গল্প সংকলন "ট্ৰেন্সজেনিক সপোন" ৷ গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি আয়োজক সমিতিয়ে বৰপেটাৰ এগৰাকী প্ৰখ্যাত শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান কৰে বৰপেটা ৰত্ন বঁটা ৷ তৃতীয়বাৰৰ বাবে আয়োজিত গ্ৰন্থ উৎসৱত বৰপেটাৰ মহীৰূহ গোকুল পাঠকক প্ৰথমবাৰৰ বাবে "বৰপেটা বঁটা" প্ৰদান কৰাৰ পিচত বৰপেটাৰ সংগীত জগতৰ মধ্যমনি, শাস্ত্ৰীয় সংগীতৰ ভোটাতৰাসদৃশ সত্যকৃষ্ণ মিশ্ৰক "বৰপেটা ৰত্ন" বঁটা প্ৰদান কৰে ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে সাংবাদিক নিতুমনি শইকীয়াই ৷

শাস্ত্ৰীয় সংগীতশিল্পী তথা শিক্ষক সত্যকৃষ্ণ মিশ্ৰক প্ৰদান "বৰপেটা ৰত্ন" বঁটা

আনহাতে, বৰপেটাৰ সৰ্বজন শ্ৰদ্ধেয় বয়োজ্যেষ্ঠ সংগীত শিল্পীগৰাকীয়ে নিতুমনি শইকীয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহন কৰিবলৈ পাই অতি আনন্দিত হোৱা বুলি অনুভৱ ব্যক্ত কৰে ৷ তাৰোপৰি "আমি বৰপেইটা ফেচবুক ফ'ৰাম" ৰ উদ্যোগত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰন্থ উৎসৱত অংশগ্ৰহন কৰি প্ৰতিদিন টাইমৰ মুখ্যসম্পাদক নিতুমনি শইকীয়াই গ্ৰন্থ উৎসৱৰ এই আয়োজনক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷ ফেচবুকৰ জৰিয়তে হৈ থকা সকলো শুভ আৰু ইতিবাচক কামৰ ভিতৰত বৰপেটা গ্ৰন্থ উৎসৱো এটা অন্যতম উদাহৰণ বুলি অভিহিত কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে ৷ বৰপেটা ফেচবুক ফ'ৰামে গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰাৰ লগতে দ্বিতীয়বাৰৰ বাবে সত্যকৃষ্ণ মিশ্ৰক বৰপেটা ৰত্ন বঁটা প্ৰদান অত্যন্ত ইতিবাচক দিশ বুলি অভিহিত কৰে ৷ অকল বৰপেটা ফেচবুক ফ'ৰামৰ বাবেই নহয়, এয়া ফেচবুকৰ জৰিয়তে সাহিত্য চৰ্চা কৰা সকলোৰে বাবে এটা যোগাত্মক দিশ বুলিও উল্লেখ কৰে ৷ এনে কামৰ জৰিয়তে মানুহে সৃষ্টিমুলক কাম কৰিবলৈ সাহস লাভ কৰে বুলিও উল্লেখ কৰে নিতুমনি শইকীয়াই ৷

আৰু পঢ়কঃ বিটিএডিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা চুক্তি "মৰণফান্দ" চুক্তিঃ এবিএমছু

ABOUT THE AUTHOR

...view details