অসম

assam

ETV Bharat / state

অসম তথা ভাৰতবৰ্ষক লুটি পুটি খাইছে কংগ্ৰেছে : আজমল - কংগ্ৰেছ

‘‘মই ব্যৱসায় কৰিছো ৷ চুৰি-ডকাইতি কৰা নাই ৷ কংগ্ৰেছে হে চুৰি ডকাইতি কৰিছে ৷’’ কংগ্ৰেছক উভতি ধৰি AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলে ক’লে এইদৰে ৷

Badruddin Ajmal reacts
কংগ্ৰেছক উভতি ধৰিলে বদৰুদ্দিন আজমলে

By

Published : Oct 28, 2021, 5:13 PM IST

বৰপেটাৰোড, 28 অক্টোবৰ : কংগ্ৰেছে বদৰুদ্দিন আজমলক ব্যৱসায়ী বুলি কোৱাত কংগ্ৰেছক উভতি ধৰি আজমলে কয়, ‘‘মই ব্যৱসায় কৰিছো ৷ চুৰি-ডকাইতি কৰা নাই ৷ কংগ্ৰেছে হে চুৰি ডকাইতি কৰিছে’’ ৷

‘‘সাত বছৰ পূৰ্বে বিজেপি শাসনত আহিছে ৷ ইয়াৰ বিপৰীতে যোৱা 60 বছৰে মোৰ ব্যৱসায় চলি আছে ৷ কংগ্ৰেছে ইতিহাস নাজানি মাত মাতিব নালাগে ৷’’ সংবাদিকৰ আগত এইদৰে কয় বদৰুদ্দিন আজমলে ৷

বৰপেটাত এক দলীয়া সভাত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে এআইইউডিএফৰ নেতা গৰাকীয়ে ৷ তেওঁ কয়, বিজেপি জন্মৰ ১০ গুণ আগৰে পৰাই চলি আছে তেওঁৰ ব্যৱসায় ৷

লগতে পঢ়ক:উপ-নিৰ্বাচনত গণতন্ত্ৰৰ নামত বহুৱালি হৈছে : অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details