অসম

assam

ETV Bharat / state

AIUDF প্ৰাৰ্থী ৰাজীৱ আহমেদৰ হৈ প্ৰচাৰ চলালে আজমলে - AIUDF

সোমবাৰে বাঘবৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় বদৰুদ্দিন আজমলে ৷ AIUDFৰ প্ৰাৰ্থী ৰাজীৱ আহমেদৰ হৈ প্ৰচাৰ চলায় আজমলে ৷ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা আজমলৰ ৷

badaruddin-ajmal
বদৰুদ্দিন আজমল

By

Published : Mar 29, 2021, 8:07 PM IST

জনীয়া,29 মাৰ্চ : বাঘবৰ বিধানসভা সমষ্টিত AIUDF ৰ প্ৰাৰ্থী ৰাজীৱ আহমেদৰ হৈ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় দলটোৰ মূৰব্বী বদৰুদ্দিন আজমলে ৷ উক্ত সভাত আজমলৰ লগতে ভাষণ প্ৰদান কৰে AIUDFৰ কাৰ্যকৰী সভাপতি আদিত্য লাংথাচা, জনীয়া সমষ্টিৰ বিধায়ক তথা মহাজোঁটৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলাম, ন-কংগ্ৰেছ নেতা নুৰুল ইছলাম তালুকদাৰ, প্ৰাক্তন জিলা পৰিষদৰ সদস্য তথা ন-কংগ্ৰেছ নেতা আবুল কালাম আজাদকে ধৰি ভালে সংখ্যক নেতা-কৰ্মীয়ে ৷

বদৰুদ্দিন আজমল

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে আজমলে ৷ আজমলে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা পাগল হোৱা বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালৰ চকী খালি হোৱা বুলি মন্তব্য কৰে ৷ মহাজোঁটে চৰকাৰ গঠন হ’লে মন্ত্ৰী হিমন্তই বন্ধ কৰা মাদ্ৰাছাক লৈ উচ্চতম ন্যায়ালয়লৈ যাব বুলি মন্তব্য আগবঢ়ায় আজমলে ।

ইয়াৰোপৰি তেওঁ কয় যে, বাঘবৰ সমষ্টিত শ্বেৰমান আলী আহমেদৰ গালি নচলিব ৷ নদীৰ গৰাখহনীয়া, বাট-পথ, যাতায়াত, শিক্ষা, স্বাস্থ্য, নিবনুৱা কোনো সমস্যা দহ বছৰত শ্বেৰমান আলী আহমেদে সমাধান কৰিব নোৱৰিলে ৷মহাজোঁটৰ চৰকাৰ চলি থাকিব ৷ AIUDFয়ে চৰকাৰ গঠন কৰিব । এই মন্তব্য কৰি 'কা' বাতিলৰ লগতে ডি-ভোট এনআৰচিৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে আজমলে ৷

লগতে পঢ়ক :আঞ্চলিকতাবাদী চৰকাৰেহে সমাধান কৰিব বড়ো-অবড়োৰ সমস্যা: সুজন দাস

ABOUT THE AUTHOR

...view details