জনীয়া,2 এপ্ৰিল : জনীয়া সমষ্টিৰ বামুনটাৰীৰ উদমাৰীস্থিত বি এড কলেজৰ খেল পথাৰত শুকুৰবাৰে AIUDFৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় AIUDFৰ মূৰব্বী বদৰুদ্দিন আজমলে ৷ নিৰ্বাচনী সভাত ভাষণৰ পাতনিতে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লয় আজমলে ।
কাম কৰিব নজনা ড৹ হিমন্ত বিশ্ব শৰ্মাই থিয়েটাৰ বা চাৰ্কাছত নাচিব লাগিব বুলি কটাক্ষ কৰাৰ লগতে চাৰ্কাছত ভাল নালাগিলে তেওঁক নৃত্য কৰিবলৈ নাইট ক্লাৱলৈ পঠোৱা হ’ব বুলি ইতিকিং কৰে আজমলে । ইয়াৰ লগতে তেওঁ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামক বিপুল ভোটত জয়ী কৰিবলৈ জনীয়া সমষ্টিৰ ৰাইজক আহ্বান জনায় আৰু ড৹ হাফিজ ৰফিকুল ইছলাম মন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে ৷