জনীয়া, 27 জানুৱাৰী:কলগাছিয়াৰ আমতলাত বুধবাৰে পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘৰ উদ্যোগত এখনি সজাগতা সভাৰ আয়োজন কৰা হয় ৷ উক্ত সজাগতা সভাত পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘই পূৰৱী ডেইৰীৰ উদ্যোগত গো পালক সকলৰ মাজত গাখীৰ খিৰোৱা মেচিন বিতৰণ কৰে ৷
অঞ্চলটোৰ গো পালক ক্ৰমে মকিবুল ইছলাম, মজৰ আলী আৰু আয়নল হকক বিনামূলীয়াকৈ গাই প্ৰতি একোটিকৈ মেচিন প্ৰদান কৰা হয় ৷ মেচিন লাভ কৰি উৎফুল্লিত হৈ গো পালক সকলে পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘৰ এই পদক্ষেপৰ শলাগ লৈ পূৰৱী ডেইৰীক ধন্যবাদ জ্ঞাপন কৰে ৷