অসম

assam

By

Published : May 11, 2023, 8:37 PM IST

ETV Bharat / state

Drugs awareness meeting: বৰপেটাত জিলা প্ৰশাসনৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে যুৱ সমাজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আৰু বৰপেটা জিলা আৰক্ষীৰ সহযোগত আজি এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ বৰপেটাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সভা (Awareness Meeting against drugs in Barpeta) ৷

Drugs awareness meeting in Barpeta
বৰপেটাত জিলা প্ৰশাসনৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

বৰপেটা, 11 মে’: ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে যুৱ সমাজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আৰু বৰপেটা জিলা আৰক্ষীৰ সহযোগত আজি এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ বৰপেটাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত প্ৰতিজন বক্তাই উদ্বেগেৰে মন্তব্য কৰে যে, ড্ৰাগছৰ বিৰুদ্ধে এতিয়াই যদি সমাজ সচেতন নহয়, তেন্তে অনাগত দিনত এখন পংগু সমাজ গঢ় লৈ উঠিব ৷ ইয়াৰ বাবে সজাগতা ঘৰতে গঢ়ি তোলাৰ লগতে বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজত এই বিষয়ে সজাগ কৰিব লাগিব ৷ এইক্ষেত্ৰত প্ৰধান দায়িত্ব ল’ব লাগিব শিক্ষক-শিক্ষয়িত্ৰী সকলে বুলি মন্তব্য কৰে বক্তা সকলে (Awareness Meeting against drugs in Barpeta) ৷

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে, দক্ষিণ-পূৱ এছিয়াৰ কেইবাখনো দেশৰ পৰা অসমলৈ ড্ৰাগছৰ সৰবৰাহ হয় ৷ সেই ড্ৰাগছ গুৱাহাটীৰ পৰা কম পৰিমাণত পেকেজিং হৈ পশ্চিম অসমৰ জিলাকেইখনৰ চোৰাং বজাৰত সৰবৰাহকাৰীৰ জৰিয়তে বিয়পি পৰে ৷ সিনহাই লগতে সদৰী কৰে যে, যোৱা আঢ়ৈ বছৰত বৰপেটা জিলাতে ড্ৰাগছৰ ব্যৱসায় আৰু সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত 318 জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ এই সময়ছোৱাত কোটি টকাৰো অধিক মুল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে বুলি কয় আৰক্ষী বিষয়াজনে (Drugs awareness meeting in Barpeta) ৷

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে কয় যে, ড্ৰাগছ হ'ল এক নীৰৱ ঘাতক‍ ৷ সেয়েহে এই ঘাতকৰ বিৰুদ্ধে সকলোৱে যুঁজিব লাগিব ৷ আনহাতে, সমল ব্যক্তি ৰূপে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ড্ৰাগছ বিৰোধী অভিযানৰ বিশিষ্ট ব্যক্তি সন্দীপ হান্সেই ৷ ড্ৰাগছৰ ব্যাপক প্ৰচলনে সমাজ এখনক কিদৰে পংগু কৰে তাৰ বাখ্যা আগবঢ়াই হান্সেই কয় যে, ড্ৰাগছৰ আসক্তিয়ে বহু সম্ভৱনাপূৰ্ণ জীৱন চিৰদিনৰ বাবে শেষ কৰিছে ৷

আনহাতে, এই কাৰ্যসূচী উদ্বোধন কৰি বৰপেটাৰ উপায়ুক্ত আয়ুস গৰ্গে শিক্ষক-শিক্ষয়িত্ৰী সকলক ছাত্ৰ-ছাত্ৰীৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিত মূল ভূমিকা ল’বলৈ আহ্বান জনায় ৷ দৃশ্য-শ্ৰব্য মাধ্যমেৰেও ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলক সজাগ কৰাৰ চেষ্টা কৰা হয় ৷ জিলাখনৰ সকলো শিক্ষানুষ্ঠানতে জিলা প্ৰশাসনৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক:Drugs racket in Dibrugarh: ড্ৰাগছ বিক্ৰীৰ সন্দেহত জ্বলালে দোকান

ABOUT THE AUTHOR

...view details