অসম

assam

ETV Bharat / state

নৱবৰ্ষৰ প্ৰথম দিনাই অংগীকাৰবদ্ধ বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ

নৱবৰ্ষৰ প্ৰথম দিনা বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ নতুন পৰিকল্পনাৰে চিকিৎসালয়খন গঢ় দিয়াৰ বাবে চেষ্টা অব্যাহত অধ্যক্ষ গৰাকীৰ ৷ সকলো চিকিৎসক, নাৰ্চ তথা কৰ্মচাৰীক শপত বাক্য পাঠ কৰালে অধ্যক্ষ গৰাকীয়ে ৷

By

Published : Jan 1, 2021, 3:59 PM IST

authorities-of-barpeta-medical-college-committed-on-the-first-day-of-the-new-year
নৱবৰ্ষৰ প্ৰথম দিনাই অংগীকাৰবদ্ধ বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ

বৰপেটা, 1 জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে বৰপেটা মেডিকেল কলেজৰ নৱ নিযুক্ত অধ্যক্ষৰ ব্যতিক্ৰমী পদক্ষেপ ৷ নতুন পৰিকল্পনাৰে চিকিৎসা মহাবিদ্যালয়খন গঢ়ি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে অধ্য়ক্ষ গৰাকীয়ে ৷ নৱ নিযুক্ত অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ নেতৃত্বত বৰপেটা মেডিকেল কলেজ হাস্পাটালখন উন্নত আৰু সুন্দৰকৈ গঢ়ি তোলাৰ বাবে চিকিৎসক, নাৰ্চ, কৰ্মচাৰী আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে সংকল্প গ্ৰহণ কৰিছে ৷ নতুন বছৰৰ অংগীকাৰ হিচাপে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলক শপত বাক্য পাঠ কৰাইছে ৷

অধ্যক্ষৰ মন্তব্য

চিকিৎসালয়লৈ অহা দুখীয়া ৰোগীসকলক সহায়ৰ মনোভাৱেৰে কাম কৰাৰ বাবে চিকিৎসক, কৰ্মচাৰীৰ সকলৰ প্ৰতি আহ্বান জনালে সেৱাৰ মনোভাৱেৰে কাম কৰাৰ ৷ অধ্যক্ষ গৰাকীৰ আশা বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ বিৰুদ্ধে যাতে কোনো অভিযোগ উত্থাপিত হ'ব নোৱাৰে বা কোনো ৰোগী বা ৰোগীৰ অভিভাৱক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰবাবে কৰ্মচাৰীসকলক গুৰুত্ব দিবলৈ আহ্বান অধ্যক্ষ গৰাকীৰ ৷

লগতে পঢ়ক :ভাৰতৰ দৃষ্টিভঙ্গী ৰক্ষণশীল আৰু সাধাৰণ হোৱা উচিত: প্ৰাক্তন বিদেশ সচিব শ্যাম সৰণ

আনহাতে, বৰপেটা মেডিকেল কলেজত অধ্যয়নৰত শিক্ষাৰ্থীসকলে পূৰ্বতকৈ ভাল ফলাফল প্ৰদৰ্শন কৰাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰে তাৰ প্ৰতিও বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ ইয়াৰ বাবে চিকিৎসালয়খনৰ চৌহদত একাংশ লোক আৰু প্ৰতিষ্ঠানৰ সহযোগত ক্ৰীড়াৰ পৰিবেশ গঢ় দিয়া আৰু কৰ্মচাৰীসকলৰ সহযোগত চিকিৎসালয়খনৰ চৌহদ ফুলেৰে সজাই তোলাৰো প্ৰয়াস চলাইছে নৱ নিযুক্ত অধ্যক্ষ গৰাকীয়ে ৷

ছাত্ৰ আৰু কৰ্মচাৰীৰ মন্তব্য

তাৰোপৰি কোনো লোক, সংস্থা বা প্ৰতিষ্ঠানে ৰোগীসকলৰ সহায়ৰ বাবে চিকিৎসালয়খনলৈ হুইল চেয়াৰকে আদি কৰি কোনো সামগ্ৰী আগবঢ়াব বিচাৰিলে সেয়া গ্ৰহন কৰা হ'ব আৰু সেই বিষয়ে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে অধ্যক্ষ গৰাকীয়ে ৷

লগতে পঢ়ক :বলুকা ভাস্কৰ্যৰে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

ABOUT THE AUTHOR

...view details