অসম

assam

ETV Bharat / state

Auction sale: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰপেটাৰোড থানাৰ নিলাম প্ৰক্ৰিয়াত মটৰচাইকেল ক্ৰয় কৰিবলৈ উপস্থিত চাহ বিক্ৰেতা - বৰপেটাৰোড

বৰপেটা সদৰ থানা, হাউলী আৰক্ষী থানা আৰু বৰপেটাৰোড আৰক্ষী থানাত সম্পন্ন হ'ল নিলাম প্ৰক্ৰিয়া ৷ নিলাম প্ৰক্ৰিয়াত প্ৰায় পাঁচ শতাধিক গ্ৰাহকে অংশগ্ৰহণ কৰে ৷

Auction sale organised by Barpeta police
সৰু-বৰ বাহনৰ নিলাম

By

Published : Jul 7, 2023, 10:24 AM IST

বৰপেটাৰোড থানাত সম্পন্ন নিলাম প্ৰক্ৰিয়া

বৰপেটাৰোড, 7 জুলাই : বৰপেটা আৰক্ষীয়ে কেইদিনমান পূৰ্বে জিলাখনৰ বিভিন্ন থানাত মজুত হৈ থকা বিভিন্ন সৰু-বৰ বাহনৰ নিলাম ব্যৱস্থাৰ ঘোষণা কৰি এক বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷ সেইমৰ্মে বৰপেটা সদৰ থানা, হাউলী আৰক্ষী থানা আৰু বৰপেটাৰোড আৰক্ষী থানাত সম্পন্ন হ'ল নিলাম প্ৰক্ৰিয়া ৷ আৰক্ষী থানা সমূহত থকা গৰাকীবিহীন বাইক, অটো, ৰ’লাৰ আদিৰ নিলাম প্ৰক্ৰিয়াত প্ৰায় পাঁচ শতাধিক গ্ৰাহকে অংশ গ্ৰহণ কৰে ৷

এই নিলাম প্ৰক্ৰিয়াত বৰপেটাৰোডত এজন বিশেষ ব্যক্তিয়ে অংশ লয় ৷ এই বিশেষ ব্যক্তি গৰাকী হ’ল বৰপেটাৰোডৰ বেণু গোপাল সাহা ৷ বেণু গোপাল সাহা এগৰাকী চাহ বিক্ৰেতা ৷ বৰপেটাৰোডৰ বাছ আস্থানৰ কাষত ফুটপাথত চাহ বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে এইজন ব্যক্তিয়ে ৷ চাহ বিক্ৰেতা বেণু গোপাল সাহাৰ আছে এটি বিশেষ সপোন ৷ বিধায়ক অথবা সাংসদ হোৱাৰ সপোন ৷

সেয়ে নিৰ্বাচন আহিলেই তেওঁ প্ৰাৰ্থীত্বৰ বাবে মনোনয়নপত্ৰ দাখিল কৰে ৷ 1996 চনৰ পৰা তেওঁ বৰ্তমানলৈকে পাঁচবাৰকৈ নিৰ্বাচনত নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হৈছে ৷ আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আশা ব্যক্ত কৰিছে বেণু গোপাল সাহাই ৷ সেয়ে নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে এখন বাইক ক্ৰয় কৰিবলৈ এনেদৰে বৰপেটাৰোড আৰক্ষী থানাৰ নিলাম প্ৰক্ৰিয়ালৈ আহিল বিগত নিৰ্বাচন সমূহত 5 বাৰকৈ অৱতীৰ্ণ হৈ বিজয়ী হ’ব নোৱাৰা প্ৰাৰ্থী গৰাকীয়ে ৷

ইফালে এই নিলাম প্ৰক্ৰিয়াত জাখলি বিল পাথাৰৰ সুন্দৰী বেগম নামৰ আন এগৰাকী মহিলাই অংশগ্ৰহণ কৰে ৷ সুন্দৰী বেগমে 1 নং আৰু 42 নং বাহনৰ বাবে এই নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে বৰপেটাৰোড আৰক্ষী থানাত 75 খনকৈ গৰাকীবিহীন বাইকৰ বাবে এই নিলাম প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷ বৰপেটা আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা গৰাকীবিহীন মটৰচাইকেল সমূহ এনেদৰেই এতিয়া বিভাগীয় নীতি অনুসৰি নিলামত বিক্ৰী কৰিছে বৰপেটা আৰক্ষীয়ে ৷

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ামতে 6 জুলাইত বৰপেটা ৰোড থানাত, 8 জুলাইত সৰভোগ থানাত, 10 জুলাইত তাৰাবাৰী থানাত, 13 জুলাইত সৰ্থেবাৰী থানাত, 19 জুলাইত ক্ৰমে কলগাছিয়া আৰু আলোপতিচৰ থানাত আৰু 20 জুলাইত কাচুমাৰা থানাত সম্পন্ন হ'ব নিলাম ৷

লগতে পঢ়ক:Recruitment Test cancelled: এপিডিচিএলে হঠাৎ বাতিল কৰিলে সাক্ষাৎকাৰ; ক্ষুব্ধ প্ৰাৰ্থীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details