অসম

assam

ETV Bharat / state

Atul Bora on Bharat Jodo Yatra: ৰাইজে কংগ্ৰেছৰ চৰিত্ৰ বুজি পোৱাৰ বাবেই আজি দলটোৰ এই গতি: অতুল বৰা - Atul Bora react on Barpeta Lok Sabha seat

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী অতুল বৰাৰ (Atul Bora reaction on Bharat Jodo Yatra) । অসমত কংগ্ৰেছৰ পুনৰুদ্ধাৰৰ পলিচি কামত নাহে বুলি কংগ্ৰেছক কটাক্ষ মন্ত্ৰী বৰাৰ । কংগ্ৰেছৰ চৰিত্ৰ জনসাধাৰণে বুজি উঠাৰ কাৰণেই এই গতি বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

atul bora reaction on bharat jodo yatra
ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া অতুল বৰাৰ

By

Published : Nov 2, 2022, 5:49 PM IST

বৰপেটা,২ নৱেম্বৰ: "ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীৰে কংগ্ৰেছে চলোৱা পুনৰুদ্ধাৰৰ চেষ্টা ব্যৰ্থ হ'ব ।" বুধবাৰে বৰপেটাত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ সমালোচনা অগপৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ(Atul Bora reaction on Bharat Jodo Yatra) । দেশবাসীয়ে দীৰ্ঘদিনে কংগ্ৰেছক শাসনৰ গাদীত অধিস্থিত কৰিছিল । কিন্তু এতিয়া জনসাধাৰণে কংগ্ৰেছৰ চৰিত্ৰ বুজি পোৱাৰ ফলতে দেশৰ প্ৰায়বোৰ ৰাজ্যতে এতিয়া কংগ্ৰেছ শূণ্য বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ।

ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া অতুল বৰাৰ

তেওঁ লগতে উল্লেখ কৰে যে অসমত কংগ্ৰেছ এতিয়া নিশকটীয়া । কংগ্ৰেছৰ বাবেই এতিয়া অসমৰ জনসাধাৰণে বৰ্ধিত জনসংখ্যাৰ সমস্যাত ভূগিবলগীয়া হৈছে বুলি উল্লেখ কৰি বৰাই কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীৰে অসমত কংগ্ৰেছ পুনৰুদ্ধাৰৰ পলিচি কামত নাহে । লগতে তেঁও উল্লেখ কৰে স্বাধীনতা অনা দল হিচাপে কংগ্ৰেছক সুবিধা দিছিল দেশৰ জনতাই । সেই অনুসৰি ৰাজ্যতো কংগ্ৰেছক শাসন কৰাৰ সুবিধা দিছিল কংগ্ৰেছক । অনাগত দিনত কংগ্ৰেছ দলক পুণৰুদ্ধাৰৰ বাবে বহু কাৰ্যসূচী হাতত ললেও সেয়া কোনো কামত নাহিব ।

ইফালে বৰপেটা লোকসভা সমষ্টিত অগপ নে বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব এই বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰী অতুল বৰাই(Atul Bora react on Barpeta Lok Sabha seat) । তেওঁ কয় যে বৰপেটা লোকসভা সমষ্টিৰ বৰপেটা, বঙাইগাঁও আদি জিলাত অগপৰ প্ৰবল গণভিত্তি আছে । গতিকে বৰপেটা লোকসভা সমষ্টিক লৈ অগপই চিন্তা-চৰ্চা কৰিব । অগপৰ সভাপতি হিচাপে সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব নে নাই সেই বিষয়ে সংবাদ মাধ্যমৰ আগত আলোচনা কৰাৰ সলনি দলীয় মঞ্চত আলোচনা কৰিব লাগে বুলিও কৌশলী মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে বৰপেটা সত্ৰৰ সদ্যপ্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা (Minister Atul Bora) ৷ অগপৰ সভাপতিৰ দায়িত্বত থকা মন্ত্ৰীগৰাকী বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত উপস্থিত হৈ বশিষ্ঠ দেৱশৰ্মাৰ প্ৰতিচ্ছৱিত পুস্পাঞ্জলি প্ৰদানেৰে সত্ৰীয়া সাধক গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় ৷ ইয়াৰ পাছতে সাংবাদিকৰ সন্মুখত এই মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:Minister Atul Bora at Barpeta: প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত অতুল বৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details