জনীয়া, 12 ডিচেম্বৰ : বিগত বৰ্ষত বৰপেটাৰ পুতলাৰটাৰী গাঁৱৰ মোবাৰক আলীৰ কন্যা গৰাকীৰ বিবাহ হৈছিল কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ আব্দুল গফুৰৰ পুত্ৰ বাহাৰুল ইছলামৰ সৈতে । অভিযোগ অনুসৰি, বাহাৰুল ইছলামে নিজৰ পত্নীৰ পিতৃ পৰিয়ালৰ পৰা দীৰ্ঘ দিনৰ পৰাই ১০ লাখ টকা আৰু চাৰি চকীয়া বাহন যৌতুক হিচাপে দাবী কৰি আহিছিল ৷
কেৱল ইমানতে ক্ষান্ত নাথাকি যৌতুকৰ বাবে পৰিয়ালৰ সৈতে মিলি পত্নীক শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে বাহাৰুলৰ বিৰুদ্ধে(Domestic violence for dowry) । ইয়াৰোপৰি, স্বামীৰ পৰিয়ালে যৌতুক দাবী কৰা মতে ধন দিব নোৱাৰাত গৰ্ভত থকা সন্তান ঔষধৰ জৰিয়তে নষ্ট কৰি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰী গৰাকীয়ে ৷
যৌতুকৰ বাবেই পত্নীক হত্যাৰ চলাইছিল স্বামী বাহাৰুল সহ পৰিয়ালে ইয়াৰ লগতে শাহুৱেক বানেছা খাতুন আৰু শহুৰেক আব্দুল গফুৰে বলপূৰ্বকভাবে প্ৰাণে মাৰাৰ চেষ্টা চলোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী বোৱাৰী গৰাকীয়ে(Attempt to murder for Dowry) । স্বামীৰ পৰিয়ালে প্ৰাণে মাৰিবলৈ যত্ন কৰাৰ মূহুৰ্তত চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই আগবাঢ়ি আহি উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে বুলিও জানিবলৈ দিয়ে ভুক্তভোগীয়ে ।
পিছত তেওঁৰ পৰিয়ালে তেওঁক ঘৰলৈ লৈ যায় যদিও ৫ মাহ উকলি যোৱাৰ পিছতো স্বামী বাহাৰুল ইছলামৰ লগতে পৰিয়ালৰ লোকে কোনো খবৰ নোলোৱাৰো অভিযোগ কৰে তেওঁ ৷ অৱশ্যে ফোন কৰি আৰু মেছেজ যোগে তেওঁ আৰু তেওঁৰ পৰিয়ালক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে মৃত্যুৰ ভাবুকি দিয়ে বুলি অভিযোগ আনিছে বোৱাৰী গৰাকীয়ে । উপায়হীন হৈ ভুক্তভোগী পৰিয়ালে ন্যায় বিচাৰি কলগাছিয়া আৰক্ষী থানা(Kalgasia police station)ত এজাহাৰ দাখিল কৰিছে । এতিয়া আৰক্ষী প্ৰশাসনক উক্ত ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে পৰিয়ালটোৱে ।
লগতে পঢ়ক :কিয় আৰক্ষীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে অপহৃতা কিশোৰীৰ পৰিয়ালে ?