অসম

assam

ETV Bharat / state

ৰুগীয়া স্বামীক হত্যাৰ চেষ্টা পত্নীৰ

পুত্ৰ-কন্যাক লগত লৈ দুপৰ নিশা ৰুগীয়া স্বামীক হত্যাৰ চেষ্টা এগৰাকী মহিলাৰ । নিশা সালেকুৰা গাঁৱত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ৷ ঘটনা সন্দৰ্ভত আটক তিনিগৰাকী লোকক ৷

দুপৰ নিশা ৰোগীয়া স্বামীক হত্যাৰ চেষ্টা পত্নীৰ
দুপৰ নিশা ৰোগীয়া স্বামীক হত্যাৰ চেষ্টা পত্নীৰ

By

Published : Apr 25, 2021, 2:09 PM IST

জনীয়া,25 এপ্ৰিল: বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত সালেকুৰা গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এক অঘটন ৷ প্ৰাপ্ত তথ্য অনুসৰি, এগৰাকী মহিলাই পুত্ৰ-কন্যাক লগত লৈ স্বামী সমেজ আলীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

এই ঘটনাক কেন্দ্ৰ কৰি সালেকুৰা গাঁৱত শনিবাৰে নিশা সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ৷ অভিযোগ অনুসৰি, সমেজ আলী পত্নীৰ দীৰ্ঘদিনীয়া পৰকীয়া প্ৰেমত বাধাৰ প্ৰাচীৰ হৈ আছিল ৷ সেয়ে হত্যাৰ চেষ্টা চলোৱা হৈছিল আলীক ৷

দুপৰ নিশা ৰোগীয়া স্বামীক হত্যাৰ চেষ্টা পত্নীৰ

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰপেটা সদৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ লগতে এই ঘটনাৰ লগত জড়িত সমেজ আলীৰ পত্নীৰ লগতে পুত্ৰ-কন্যাক আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক:মন্দিৰ-মছজিদ সদৃশ বটদ্ৰৱাৰ এখন ব্যতিক্ৰমী বিদ্যালয়

ABOUT THE AUTHOR

...view details