কলগাছিয়া,12 অক্টোবৰ : কলগাছিয়া আৰক্ষী থানাৰ অধীনস্থ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত জনতা গাঁৱৰ এটা পৰিয়ালক অগ্নিসংযোগ কৰি হত্যা কৰাৰ চেষ্টা চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
কলগাছিয়াত ব্যৱসায়ীৰ ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ উক্ত গাঁওখনৰ আবাসী ছফি খানৰ ঘৰত দুৰ্বৃত্তই শুকুৰবাৰে অগ্নিসংযোগ কৰি পৰিয়ালটোক প্ৰাণে মৰাৰ চেষ্টা চলায়। চুবুৰীয়া মোছলেম আলী আৰু মোন্তাজ আলীৰ লগত থকা ব্যৱসায়িক লেনদেনৰ মতানৈক্যই এই দুষ্কাৰ্যৰ কাৰণ বুলি ৰাইজে সন্দেহ কৰিছে ৷
উল্লেখ্য় যে, অংশীদাৰী ব্যৱসায়ী দুগৰাকীয়ে ছফি খানৰ পৰা তিনি লাখ পঞ্চাশ হেজাৰ টকা ধাৰলৈ লৈছিল । সেই ধাৰৰ টকা বিচৰাৰ বাবেই শুকুৰবাৰে ৰাতি ঘৰত কেৰাচিন ঢালি অগ্নি সংযোগ কৰে ৷ ছফি খানৰ পৰিয়ালৰ লোকে আতংকিত হৈ চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়া লোকে তৎপৰতাৰে জুই নিৰ্বাপিত কৰে ।
জানিব পৰা মতে, ইয়াৰ পূৰ্বেও ছফি খানক মোছলেম আলীয়ে কেইবাবাৰো প্ৰাণে মৰাৰ ভাবুকি দি আহিছিল । ঘটনাৰ তদন্ত সাপেক্ষে ন্যায়ৰ দাবী কৰিছে স্থানীয় ৰাইজে ।