জনীয়া, 24 অক্টোবৰ :শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিতাপানী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হয় এক মাৰপিটৰ ঘটনা । এই মাৰপিটৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷
অভিযোগ অনুসৰি, প্ৰায় দুবছৰ পূৰ্বে বানপানীৰ সময়ত আব্দুছ ছালাম নামৰ এজন লোকৰ ঘৰ নদীয়ে উটুৱই নিছিল ৷ যাৰ বাবে আব্দুল ৱাজেদ আহমেদ নামৰ এজন লোকে আব্দুছ ছালামক নিজ ঘৰতে আশ্ৰয় দিয়ে । জানিব পৰা মতে, আব্দুছ ছালাম সম্পৰ্কত আব্দুল ৱাজেদ আহমেদৰ ভনী জোঁৱায়েক ৷ কিন্তু পৰৱৰ্তী সময়ত বানপানী কমি যোৱাত ৱাজেদে জোঁৱায়েকক নিজৰ ঘৰলৈ যাবলৈ কোৱা হৈছিল ৷
অভিযোগ মতে, আব্দুছ ছালামক ঘৰলৈ যাবলৈ কোৱাই কাল হ’ল আব্দুল ৱাজেদ আহমেদৰ বাবে ৷ ঘৰলৈ গুচি যোৱাৰ বিপৰীতে আব্দুল ৱাজেদ আহমেদৰ বাসগৃহটো নিজৰ বুলি দাবী কৰে ভনী জোৱায়েক আব্দুছ ছালামে ৷ আনকি এই সংক্ৰান্তত আব্দুল ৱাজেদ আহমেদক মাৰপিট কৰাৰ লগতে সৰুভনীয়েক এজনীকো দাৰে ঘপিয়াই । প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ছালামৰ পত্নী হামিদা খাতুন জেল হাজোতলৈ যাব লগা হৈছিল ।