অসম

assam

লক্ ডাউনৰ মাজতে সুৰাসক্ত প্ৰবক্তাৰ দাৰ ঘাপত আহত দুজন

By

Published : Apr 4, 2020, 2:06 PM IST

বৰপেটা চহৰত লোমহৰ্ষক ঘটনা । সুৰাসক্ত কলেজ প্ৰবক্তাৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পিতা-পুত্ৰ ৷ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ আহত দুজনক । এজনৰ অৱস্থা গুৰুতৰ ।

লক্ ডাউনৰ মাজতে সুৰাসক্ত কলেজ শিক্ষকৰ দাৰ ঘাপত আহত দুজন
লক্ ডাউনৰ মাজতে সুৰাসক্ত কলেজ শিক্ষকৰ দাৰ ঘাপত আহত দুজন

বৰপেটা, ৪ এপ্ৰিলঃলক্ ডাউনৰ মাজতে বৰপেটাত লোমহৰ্ষক কাণ্ড ৷ সুৰাসক্ত কলেজ প্ৰৱক্তাৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পিতা-পুত্ৰ ৷ শুকুৰবাৰে নিশা বৰপেটা চহৰৰ জিলা কাৰাগাৰাৰৰ সমীপৰ গণককুছি পথাৰহাটী অঞ্চলত সংঘটিত হয় এই ঘটনা ৷ বৰপেটাৰ শংকৰ-মাধৱ জুনিয়ৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা বিপুল দাসে সুৰাৰ ৰাগীত সংঘটিত কৰে এই জঘন্য কাণ্ড ৷

প্ৰতিদিনে নিশা সুৰা সেৱন কৰি অশ্লীল গালি-গালাজেৰে প্ৰতিৱেশীসকলক অশান্তি দি অহা বিপুল দাসক শুকুৰবাৰে নিশা অশান্তি সৃষ্টি নকৰিবলৈ অনুৰোধ জনোৱাৰ বাবেই সৃষ্টি হয় এই অভৱানীয় ঘটনাৰ ৷ নিশা প্ৰতিৱেশী থানেশ্বৰ দাসে কলেজৰ প্ৰবক্তাগৰাকীয়ে মাতলামি আৰম্ভ কৰাত শান্তিৰে থাকিবলৈ অনুৰোধ জনাইছিল ৷ তাৰপিচতে প্ৰবক্তাগৰাকীয়ে এখন দা লৈ থানেশ্বৰ দাসৰ ঘৰলৈ খেদা মাৰি আহে আৰু অতি বৰ্বৰতাৰে থানেশ্বৰ দাসক মূৰত ঘপিয়াই ৷

বৰপেটাত প্ৰবক্তাৰ দাৰ ঘাপত আহত দুজন

আনহাতে এই কাৰ্যত বাধা দিবলৈ অহা তেওঁৰ পিতৃকো ডিঙিত ঘাপ মাৰি পলায়ন কৰে বিপুল দাস ৷ পিচত স্থানীয় লোক আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুই আহতক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে যদিও ফটিক দাসৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি বিপুল দাস পলাতক হৈ আছে ৷

গাড়ী কভাৰেৰে প্ৰস্তুত কৰিলে কৰ'ণা কীট্ !

ABOUT THE AUTHOR

...view details