অসম

assam

ETV Bharat / state

চিকিৎসকক আক্ৰমণ, বৰপেটাত দুই ভাতৃক গ্ৰেপ্তাৰ - প্ৰাণৰ শংকাত ভূগিছে চিকিৎসকে

বৰপেটাৰ হাউলীত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ পাছতে দুই ভাতৃক বুধবাৰে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷ হাউলীৰ 30 বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ৰাজেশ কুমাৰ দাসক আক্ৰমনৰ অভিযোগত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বাহাৰুল ইছলাম আৰু তেওঁৰ ভাতৃক ৷ প্ৰাণৰ শংকাত ভূগা চিকিৎসক গৰাকীয়ে চাকৰিৰ পৰা ইস্তাফা দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷

চিকিৎসকক আক্ৰমন, বৰপেটাত দুই ভাতৃক গ্ৰেপ্তাৰ

By

Published : Sep 4, 2019, 10:38 PM IST

Updated : Sep 9, 2019, 2:44 PM IST

বৰপেটা, ৪ ছেপ্তেম্বৰ : বৰপেটাৰ হাউলীত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ পাছতে দুই ভাতৃক বুধবাৰে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷ হাউলীৰ 30 বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ৰাজেশ কুমাৰ দাসক আক্ৰমণৰ অভিযোগত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বাহাৰুল ইছলাম আৰু তেওঁৰ ভাতৃক ৷ ঘটনাৰ বিবৰণী অনুসৰি, মঙলবাৰে বাহাৰুল ইছলামে বাইকেৰে এজন বয়োজ্যেষ্ঠ লোকক খুন্দিয়াই আহত কৰিছিল আৰু ইয়াৰ পাছতে বাহাৰুল আৰু বয়োজ্যেষ্ঠ লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বয়োজ্যেষ্ঠ লোকজনৰ পূৰ্বে বাহাৰুলক চিকিৎসা প্ৰদান কৰিব লাগে বুলি দাবী জনাই যুৱকজনে ৷ ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে বাহাৰুল আৰু তেওঁৰ ভাতৃ তাহেৰ আলীয়ে চিকিৎসক জনক আক্ৰমণ কৰে ৷

চিকিৎসকক আক্ৰমন, বৰপেটাত দুই ভাতৃক গ্ৰেপ্তাৰ

বুধবাৰে দুয়োজনকে বৰপেটা আদালতত হাজিৰ কৰোৱাৰ পাছতে আদালতে দুই ভাতৃক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইপিনে, প্ৰাণৰ শংকাত ভূগা চিকিৎসক গৰাকীয়ে চাকৰিৰ পৰা ইস্তাফা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিগত বছৰৰ ডিচেম্বৰ মাহতো এম্বুলেঞ্চ পলমকৈ অহাৰ বাবে একাংশ যুৱকে চিকিৎসক গৰাকীক আক্ৰমণ কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে ৷ ৰাজেশ কুমাৰ দাসে ক্ষোভ প্ৰকাশ কৰি কয় যে, মানৱ সেৱাৰ যি মহান উদ্দেশ্য লৈ চিকিৎসা বৃত্তি গ্ৰহণ কৰিছিল সেই বৃত্তিত এনেধৰণৰ কাণ্ড সংঘটিত হ'লে প্ৰাণৰ নিশ্চয়তাই নাথাকিব ৷ সেয়েহে এনে পৰিস্থিতিত চিকিৎসা সেৱাত নিয়োজিত হৈ থকাটোয়ে অসম্ভৱ হৈ পৰিছে বুলি প্ৰকাশ কৰে চিকিৎসক গৰাকীয়ে ৷ বিশেষকৈ চিকিৎসকৰ অভাৱৰ বাবে দিনটোৰ 20 ঘন্টালৈকে সেৱা আগবঢ়াই থকাৰ পাছতো এনেদৰে দুৰ্বৃত্তৰ আক্ৰমনৰ সন্মুখীন হোৱাত চিকিৎসক গৰাকী হতাশাত ভাগি পৰিছে ৷

Last Updated : Sep 9, 2019, 2:44 PM IST

ABOUT THE AUTHOR

...view details