অসম

assam

By

Published : Dec 18, 2020, 7:17 PM IST

Updated : Dec 18, 2020, 8:04 PM IST

ETV Bharat / state

পাঠশালাত ৰহস্যময় উল্কাপিণ্ড !

হঠাতে আকাশৰ পৰা সৰি পৰা এটুকুৰা অদ্ভুত বস্তু ৷ চাঞ্চল্যৰ সৃষ্টি কৰা টুকুৰাটো সৌৰজগতৰ ৰহস্যময় উল্কাপিণ্ড বুলি সন্দেহ কৰা হৈছে ৷

পাঠশালাত ৰহস্যময় উল্কাপিণ্ড !
পাঠশালাত ৰহস্যময় উল্কাপিণ্ড !

পাঠশালা, 18 ডিচেম্বৰ:হঠাতে আকাশৰ পৰা সৰি পৰা এটুকুৰা অদ্ভুত বস্তুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ টুকুৰাটো উল্কাপিণ্ড বুলি সন্দেহ কৰা হৈছে ৷ কিন্তু এই ক্ষেত্ৰত প্ৰায় নিশ্চয়তা প্ৰদান কৰিছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকে ৷ সম্প্ৰতি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত আছে ৰহস্যময় উল্কাপিণ্ডৰ টুকুৰাটো ৷ জানিব পৰা মতে, বিগত 21 নৱেম্বৰত সেই উল্কাপিণ্ডটো বৰমাৰ এখন খেতিপথাৰত প্ৰত্যক্ষ কৰিছিল এগৰাকী লোকে ৷ তাৰ পাচতেই লোকগৰাকীৰ পৰিয়ালৰ এগৰাকী সদস্যই টুকুৰাটো আনি আনন্দৰাম বৰুৱা একাডেমীত ৰাখে ৷

পাঠশালাত ৰহস্যময় উল্কাপিণ্ড !

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক এগৰাকীয়ে উল্লেখ কৰা অনুসৰি, 2018 vp 1 নামৰ সৌৰজগতৰ পৰা এটা উল্কাপিণ্ড যোৱা নৱেম্বৰ মাহত পৃথিৱীৰ ওচৰৰে পাৰ হৈ যোৱাৰ সম্ভাৱনা আছিল ৷ কিন্তু সেইটো পৃথিৱীত পৰিবনে নাই তাক লৈ বিজ্ঞানী সকল নিশ্চিত হ'ব পৰা নাছিল ৷ কিন্তু 21 নবেম্বৰত পোৱা ৰহস্যময় টুকুৰাটো এই ক্ষেত্ৰত এক ৰহস্যজনক ভুমিকাৰ আৱৰ্তত আছে ৷ কিয়নো 20 নৱেম্বৰত পৃথিৱীৰ সমীপেৰে উল্কাপিণ্ডটো পাৰ হৈ যাব বুলি বৈজ্ঞানিক মহলত চৰ্চা চলিছিল ৷

উল্কাপিণ্ড !

উক্লাপিণ্ডটো বৈজ্ঞানিক সকলৰ বাবে গুৰুত্বপূৰ্ণ সমল হ'ব বুলি ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ব্যক্ত কৰিছে ৷ ইতিমধ্যে টুকুৰাটো সংৰক্ষণ কৰি ৰখা আনন্দৰাম বৰুৱা একাডেমীৰ বিজ্ঞান বিভাগৰ শিক্ষক উপেন পাঠকে সমগ্ৰ বিষয় অৱগত কৰি NASA লৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ NASA ই এই বিষয়ে পৰীক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি উপেন পাঠকলৈ প্ৰত্যুত্তৰ প্ৰেৰণ কৰিছে ৷ সৌৰজগতৰ ৰহস্য ভেদ কৰিবলৈ পৃথিৱীত বৈজ্ঞানিকৰ অবিৰত যাত্ৰা আজিও অব্যাহত আছে ৷ তেনে ক্ষেত্ৰত এই উল্কাপিণ্ডটোৱে যথেষ্ট সম্ভৱনা কঢ়িয়াই আনিছে বৈজ্ঞানিক মহলৰ মাজত ৷

NASA ৰ প্ৰত্যুত্তৰ

লগতে পঢ়ক:মৃত্যুৰ সিপাৰৰ পৃথিৱীলৈ গুচি যোৱাৰ পাছতো জীয়াই আছে আঢ়ৈবছৰীয়া জশ

Last Updated : Dec 18, 2020, 8:04 PM IST

ABOUT THE AUTHOR

...view details