অসম

assam

ETV Bharat / state

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত বাংকাৰত সোমাই প্ৰাণৰক্ষাৰ চেষ্টা বৰপেটাৰ যুৱকৰ - Russia Ukraine crisis

ইজনৰ পাছত সিজনকৈ অসমৰ যুৱক যুদ্ধপীড়িত ইউক্ৰেইনত আৱদ্ধ হৈ থকাৰ খবৰ আহিছে (Indian student in Ukraine ) । পুনৰ বৰপেটাৰ এজন যুৱক আবুল কালাম আজাদ মালিকে কিদৰে বাংকাৰত কটাইছে দুৰ্বিসহ জীৱন । পঢ়ক এই প্ৰতিবেদন ।

Assamese student in Ukraine about horrific situation in Ukraine
যুদ্ধবিধ্বস্ত ইউক্ৰেইনত বাংকাৰত সোমাই প্ৰাণৰক্ষাৰ চেষ্টা বৰপেটাৰ যুৱকৰ

By

Published : Feb 27, 2022, 5:41 PM IST

বৰপেটা, ২৭ ফেব্ৰুৱাৰী:বৰ্তমানেও যুদ্ধপীড়ীত ইউক্ৰেইনত আৱদ্ধ দেশ তথা ৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰী (Indian student in Ukraine ) । বহুজনে উদ্ধাৰ কৰিবৰ বাবে জনাইছে আহ্বান। সুকলমে স্বগৃহলৈ উভতিও আহিল বহুজন। কিন্তু, বৰপেটাৰ চতলাৰ আবুল কালাম আজাদ মালিক এতিয়াও আৱদ্ধ ইউক্ৰেইনত ৷

যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত বাংকাৰত সোমাই প্ৰাণৰক্ষাৰ চেষ্টা বৰপেটাৰ যুৱকৰ

সৰুক্ষেত্ৰী সমষ্টিৰ চতলা গাৱৰ আবুল কালাম আজাদ মালিক ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়নৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ ৷ ইউক্ৰেইনত আবদ্ধ হৈ পৰা আবুল কালাম আজাদে এটা ভিডিঅ'যোগে বৰ্ণনা কৰিলে দেশখনৰ শেহতীয়া ভয়ংকৰ পৰিস্থিতি ৷ কিদৰে বাংকাৰত লুকাই পাৰ কৰিবলগীয়া হৈছে সময় ৷ এতিয়াও ইউক্ৰেইনত আৱদ্ধ ছাত্ৰজনে তেওলোকক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰ, বিদেশ মন্ত্ৰালয়ৰ লগতে অসম চৰকাৰকো অনুৰোধ জনাইছে ৷

ইপিনে নিজ সন্তান ইউক্ৰেইনত আবদ্ধ হৈ থকাক লৈ অতিকে চিন্তিত হৈ পৰিছে ছাত্ৰজনৰ পিতৃ ৷ সন্তানক সুকলমে উদ্ধাৰৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে আবুল কালাম আজাদ মালিকৰ পিতৃয়ে ৷

উল্লেখযোগ্য যে যুদ্ধভূমিত আৱদ্ধ হৈ পৰা অসমৰ শিক্ষাৰ্থী সকলক সুকলমে উদ্ধাৰ কৰি অনাৰ ক্ষেত্ৰত অসম চৰকাৰে এক হেল্পলাইন ডেস্কৰ লগতে মুকলি কৰিছে এটা টোলফ্ৰী নম্বৰ আৰু এটা হোৱাটচআপ নম্বৰ ।হেল্পলাইন ডেস্কৰ লিংকটো হ'ল https://tinyurl.com/ypwrwrm3 । টোলফ্ৰী নম্বৰটো হ'ল ১০৭৭ আৰু হোৱাটচআপ নম্বৰটো হ'ল ৯৩৬৫৪২৯৩১৪ ।

এই ঠিকনাত যোগাযোগ কৰি হয়তো অসমলৈ সুকলমে ঘুৰি আহিব পাৰিব আবুল কালাম আজাদ মালিক। চৰকাৰক । যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে।

লগতে পঢ়ক :Russia Ukraine war:ভাৰতীয়ক উদ্ধাৰৰ বাবে ৰোমানিয়া আৰু হাংগেৰীলৈ এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান

ABOUT THE AUTHOR

...view details