অসম

assam

By

Published : Aug 11, 2023, 11:57 AM IST

ETV Bharat / state

Sithire patot tumi song released: ভাস্কৰ অপচে’ৱেলৰ কণ্ঠত মুকলি ‘চিঠিৰে পাতত তুমি’, চাওক ভিডিঅ’

‘মমতাৰ চিঠি’ কবিতাটিৰ আধাৰত নিৰ্মিত ‘মমতাৰ চিঠি’ ছবিখনৰ এটা গীত মুকলি কৰিছে ছবিখনৰ পৰিচালকে ৷ বৃহস্পতিবাৰে বৰপেটা চহৰৰ পাঁচ আলিৰ চ’কত মুকলি কৰা হয় "চিঠিৰে পাতত তুমি" গীতটি ৷

Sithire patot tumi song released
‘চিঠিৰে পাতত তুমি’ গীত মুকলি

ভাস্কৰ অপচে’ৱেলৰ কণ্ঠত চিঠিৰে পাতত তুমি

বৰপেটা, ১১ আগষ্ট: অসমীয়া ছবি জগতৰ বাবে এটা ডাঙৰ খবৰ । প্ৰায় মুক্তিৰ পথত কবিতাৰ পৰা নিৰ্মাণ কৰা এখন বোলছবি । অহা ২৯ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব নিভাঁজ প্ৰেমেৰে আৱৰি ৰখা পূৰ্ণদৈৰ্ঘৰ অসমীয়া বোলছবিখনে । অসমীয়া কাব্য সাহিত্যৰ এটা অতি জনপ্ৰিয় আৰু হৃদয়স্পৰ্শী কবিতা হেম বৰুৱাৰ "মমতাৰ চিঠি"ৰ আলমত নিৰ্মাণ কৰা হৈছে এই বোলছবিখন । কবিতাৰ পৰা নিৰ্মাণ কৰা ছবি হয়তো এয়াই প্ৰথম হ’ব ৷

উল্লেখ্য যে কবি হেম বৰুৱাৰ কালজয়ী কবিতা ‘মমতাৰ চিঠিৰ’ আধাৰত বৰপেটাৰ বিশিষ্ট নাট্যকাৰ তথা পৰিচালক নিৰ্মল দাসৰ পৰিচালনাৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷ ‘মুখা’ৰ প্ৰযোজনাত নিৰ্মিত ছবিখনৰ নাম হৈছে ‘মমতাৰ চিঠি’ । অহা ২৯ ছেপ্তেম্বৰত মুক্তি পাবলগীয়া বোলছবিখনৰ এটা বিশেষ গীত "চিঠিৰে পাতত তুমি, তৰাৰে আখৰ লেখি" বৃহস্পতিবাৰে বৰপেটা চহৰৰ পাঁচ আলিৰ চ’কত মুকলি কৰা হয় ৷ এই গীতটিত কণ্ঠ নিগৰাইছে যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী ভাস্কৰ অপচো’ৱেলে ৷

সহস্ৰাধিক ৰাইজৰ মাজত মুকলি কৰা হয় এই গীতটি ৷ বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা চহৰৰ পাঁচ আলিৰ চ’কত আয়োজিত ছবিখনৰ গীতৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি শুভেচ্ছামূলক ভাষণ আগবঢ়াই বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে । ছবিখনৰ গীতৰ ভিডিঅ’ মুকলি কৰে অসমীয়া ছবিজগতখনৰ লগত জড়িত কুশান চৌধুৰীয়ে । নিৰ্মল দাসৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত মমতাৰ চিঠিৰ মূল চৰিত্ৰত গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াৰ লগতে ভাৰ্গৱ কটকী, চেতনা দাস আদিয়ে অভিনয় কৰিছে ৷

ইফালে ছবিখনৰ সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই । কেৱল ইমানেই নহয়, জুবিন গাৰ্গৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলেও এইছবিখনত নিজৰ কণ্ঠ নিগৰাইছে ৷

লগতে পঢ়ক:Raghav teaser out now: ৰাঘৱত ব্যতিক্ৰমী ৰূপত দেখা যাব যতীন বৰাক, কেতিয়া ছবিগৃহত মুক্তি পাব ৰাঘৱ ?

লগতে পঢ়ক:Dil Ka Telephone 2.0 Song OUT : নতুন সুৰৰে মুকলি হ’ল ড্ৰিম গাৰ্ল ২ প্ৰথমটি গীত 'দিল কা টেলিফোন ২.০', চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details