দুঃসাহসিক যাত্ৰাৰ বাবে সাজু গুৱাহাটীৰ নিৰ্মালী - নিৰ্মালী নাথ যাত্ৰা জম্মু কাশ্মীৰ
অসমৰ পৰ্যটন উদ্যোগৰ প্ৰতি দেশী বিদেশী পৰ্যটকক আগ্ৰহী কৰি তোলাৰ বাবে গুৱাহাটীৰ নুনমাটিৰ নিৰ্মালী নাথ নামৰ বাইক ৰাইডাৰ গৰাকীয়ে সাজু হৈছে মটৰ চাইকেলেৰে গুৱাহাটীৰ পৰা জম্মু কাশ্মীৰলৈ যাত্ৰাৰ বাবে
বৰপেটা, 22 আগষ্টঃ অসমৰ এগৰাকী যুৱতীৰ দুঃসাহসিক যাত্ৰা ৷ গুৱাহাটীৰ নুনমাটিৰ নিৰ্মালী নাথ নামৰ বাইক ৰাইডাৰ গৰাকীয়ে সাজু হৈছে মটৰ চাইকেলেৰে গুৱাহাটীৰ পৰা যাত্ৰা জম্মু কাশ্মীৰলৈ যাত্ৰাৰ বাবে ৷ অসমৰ পৰ্যটন উদ্যোগৰ প্ৰতি দেশী বিদেশী পৰ্যটকক আগ্ৰহী কৰি তোলা আৰু কাৰ্গিল যুদ্ধৰ বিশ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অসমবাসীৰ হৈ কাৰ্গিলৰ সেনা জোৱান সকলক ধন্যবাদ দিয়াৰ উদ্দেশ্যে যুৱতী গৰাকীয়ে আৰম্ভ কৰিছে এই যাত্ৰা ৷ চাৰি মাহৰ সময়সীমাৰে নিৰ্মালী নাথে জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, হিমাচল, ছিকিম, অৰুণাচলৰ লগতে নেপাল আৰু ভূটানক আৱৰি ৰখা সমগ্ৰ হিমালয়ৰ পাৰ্বত্য অঞ্চল ভ্ৰমণ কৰিব ৷ উল্লেখযোগ্য যে, গুজৰাট তথা সমগ্ৰ দক্ষিণ ভাৰতৰ সাগৰীয় অঞ্চলসমূহৰ লগতে শ্ৰীলংকালৈ মটৰ চাইকেলেৰে যাত্ৰা কৰিছিল এই গৰাকী দুঃসাহসী অসম কন্যাই ৷