বৰপেটা, 25 নৱেম্বৰ: আকৌ এবাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসমীয়া ৷ যোৱা 24 নৱেম্বৰ দেওবাৰে চেন্নাইত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় গাণিতিক বুদ্ধিমত্তাৰ পৰীক্ষাত প্ৰথম স্থান লাভেৰে দেশৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰপেটাৰোডৰ 10 বছৰীয়া কিশোৰী অৰ্চিতা বাশ্যচই ৷ আন্তৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত এই বুদ্ধিমত্তাৰ প্ৰতিযোগিতাখনত ভাগ লৈছিল বিশ্বৰ বহু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে তাৰে মাজৰ বহু দেশৰ মেধা সম্পন্ন প্ৰতিযোগীক চেৰ পেলাই প্ৰতিযোগীতা খনত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হল অৰ্চিতা বাশ্যচ ৷ বৰপেটাৰোড চহৰৰ শিমলাগুৰিৰ ভূপেন শৰ্মা আৰু প্ৰনীতা দেৱীৰ কন্যা অৰ্চিতাৰ এই সাফল্যক লৈ বৰ্তমান কিশোৰী গৰাকীৰ পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ বৰপেটা জিলাবাসী ৷ ত্ৰিৱান্দ্ৰমৰ হোলী এঞ্জেল আই এছ চি স্কুলত চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত এইগৰাকী ছাত্ৰীৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য লাভৰ খবৰ নিঃসন্দেহে ৰাজ্যখনৰ বাবে এক শুভ বতৰা ৷
আন্ত:ৰাষ্ট্ৰীয় গাণিতিক বুদ্ধিমত্তাৰ পৰীক্ষাত বৰপেটাৰোডৰ শিশুৰ সাফল্য - আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া
চেন্নাইত অনুষ্ঠিত 'চীপ আবাকাছ মেন্টেল এৰিথমেটিক ইন্টাৰনেচনেল কম্পিটিছনত" প্ৰথম স্থান লাভ বৰপেটাৰোডৰ দহ বছৰীয়া কিশোৰী অৰ্চিতা বাশ্যচৰ ৷ বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিযোগীক চেৰ পেলাই এই সাফল্য লাভ কৰিলে অসম সন্তানগৰাকীয়ে
আন্ত:ৰাষ্ট্ৰীয় গাণিতিক বুদ্ধিমত্তাৰ পৰীক্ষাত বৰপেটাৰোডৰ শিশুৰ সাফল্য