অসম

assam

ETV Bharat / state

Good news for Cancer Patients: শীঘ্ৰেই আহি আছে কৰ্কটৰ নতুন ঔষধ ! - বৰপেটাৰ হাউলীৰ যুৱতী ডেইজী দাস

কৰ্কট ৰোগীৰ বাবে আহি আছে ভাল খবৰ ৷ কৰ্কট ৰোগীৰ বাবে আহি আছে নতুন ঔষধ । ৰেডিয়েছন বন্ধৰ বাবেও চলি আছে গৱেষণা ৷ ভাবা এট’মিক ৰিচাৰ্চ চেন্টাৰত অনুষ্ঠিত সন্মিলনত অংশ লৈ বৰপেটাৰ দুই ভাতৃ-ভগ্নীয়ে প্ৰকাশ কৰিলে এই কথা(Bhabha Atomic Research Centre) ৷

Good news for Cancer Patients
শীঘ্ৰেই আহি আছে কৰ্কটৰ নতুন ঔষধ

By

Published : Dec 1, 2022, 5:10 PM IST

বৰপেটা, ১ ডিচেম্বৰ:সমগ্ৰ বিশ্বতে কৰ্কট ৰোগে লৈছে ভয়াৱহ ৰূপ(Cancer spreading widely around the Glob) ৷ কৰ্কট তথা কেঞ্চাৰৰ ভয়াৱহতাৰ মাজতো মানৱ সমাজলৈ আহিছে বহু আশাৰ বতৰা (Research bringing hopes to the cancer patients) ৷ CANCER মানেই NO ANSWER বুলি চলি অহা কথাবোৰ যেন এতিয়া সলনি হ’ব ধৰিছে ৷

শীঘ্ৰেই আহি আছে কৰ্কটৰ নতুন ঔষধ !

কাৰণ সমগ্ৰ বিশ্বজুৰি চলি থকা কৰ্কট সম্বন্ধীয় গৱেষণাই কৰ্কট ৰোগীৰ বাবে আনিছে বহু ভাল খবৰ ৷ বৰপেটাৰ হাউলীৰ যুৱতী ডেইজী দাসে ‘ভাৱা এটোমিক ৰিচাৰ্ছ চেন্টাৰ‘ত অনুষ্ঠিত এখন সন্মিলনত অংশলৈ বৃহস্পতিবাৰে বৰপেটাত সাংবাদিকৰ আগত প্ৰকাশ কৰিলে নিজৰ অভিজ্ঞতাৰ কথা ৷

উল্লেখ্য যে, মুম্বাইৰ ভাবা এট'মিক ৰিচাৰ্ছ চেন্টাৰৰ উদ্যোগত আৰু এছিয়ান কংগ্ৰেছ অৱ ৰেডিয়েছন ৰিচাৰ্ছ আৰু নাছাৰ সহযোগত কিছুদিন পূৰ্বে অনুষ্ঠিত হৈছিল এখন সন্মিলন ৷ যি সন্মিলনত আমেৰিকা, কানাডা, জাৰ্মানী, ইটালী, ফ্ৰাঞ্চ, চিংগাপুৰ, চীন, জাপান আদিকে ধৰি সমগ্ৰ বিশ্বৰ ১৮৪ গৰাকী প্ৰতিনিধিকে ধৰি নাছা(NASA)ৰ পৰা অহা ৩২ জনীয়া দলৰ সৈতে অংশগ্ৰহণ কৰিছিল অসমৰ হাউলীৰ ডেইজী দাসে ৷

সন্মিলনখনত বিভিন্ন বিষয়ৰ লগতে স্পেছ ৰেডিঅ' বায়'ল'জি আৰু নন্ টাৰ্গেটেড ৰেডিয়েচন এফেক্টছ্, ডিএনএ ডেমেজ, কৰ্কট ৰোগ, ড'চিমেটৰী, ৰেডিয়েছন এণ্ড টিউমাৰ মাইক্ৰ' এনভাৰমেন্ট, ক্লিনিকেল ৰেডিঅ'ল'জী এণ্ড মেডিকেল ফিজিক্স, ৰেডিয়েছন মাইক্ৰ'বায়'ল'জী এণ্ড নিউক্লীয়াৰ এগ্ৰিকালচাৰ, মিটিগেছন অৱ ৰেডিঅ'ল'জী আদি বিষয়সমূহৰ ওপৰত অনুষ্ঠিত হৈছিল আলোচনা ৷

বৰপেটাৰ চেন্ট টেৰেজা স্কুলৰ বিজ্ঞান বিষয়ৰ শিক্ষয়ত্ৰী ডেইজী দাসে তেওঁৰ ভাতৃৰ সৈতে সন্মিলনখনত অংশ লৈ আহৰণ কৰা অভিজ্ঞতাৰ কথা ক‘বলৈ গৈ প্ৰকাশ কৰে কৰ্কট ৰোগ আৰু প্ৰতিকাৰ সম্পৰ্কে চলি থকা গৱেষণা আৰু চিকিৎসা সম্পৰ্কীয় বহু কথা ৷ বিশেষকৈ সূৰ্যৰ পোহৰৰ সৈতে আহি থকা অনিষ্টকাৰী ৰেডিয়েশ্যন মাজ আকাশতে কিদৰে নাইকীয়া কৰিব পাৰি আৰু কৰ্কটৰ পৰা কিদৰে বাচি থাকিব পাৰি সেই সম্পৰ্কে সাংবাদিকৰ আগত অৱগত কৰে ডেইজী দাসে ৷

তেওঁ লগতে কেম'ৰ উন্নত চিকিৎসাৰ বাবে কি ধৰণৰ নতুন ঔষধ আহি আছে সেই বিষয়ে সদৰী কৰে ৷ উল্লেখ্য যে, উত্তৰ পূবৰ পৰা ডেইজী দাসৰ লগতে ভাতৃ অংকুৰ দাস আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক ডাঃ গৌতম শৰ্মাই অংশগ্ৰহণ কৰিছিল এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত ৷

লগতে পঢ়ক :Anand Sharma surgery: চিকিৎসক ডাঃ অনিল পান্নালালে আৰম্ভ কৰিছে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ

ABOUT THE AUTHOR

...view details