বজালী, 5 ফেব্ৰুৱাৰী : সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছে অসমৰ এজন যুৱক ৷ যুৱকজন বজালীৰ পাটাছাৰকুছিৰ ৰাহুল দাস । সৰুৰে পৰা অতি কষ্টৰে পঢ়া শুনা কৰি অহা ৰাহুলৰ এই সাফল্যৰ বাতৰিয়ে এতিয়া মাকৰ চকুত বিৰিঙাই তুলিছে প্ৰাপ্তিৰ চকুপানী ৷ মাকৰ লগত এখন সৰু গুমটি দোকান চলাই চাহ বিক্ৰী কৰি তাৰ মাজতে অধ্যয়নেৰে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি আহিছে ৰাহুলে ।
সৰুৰে পৰা বিজ্ঞানৰ প্ৰতি আগ্ৰহী ৰাহুলে স্কুলত পঢ়া সময়ছোৱাত বিজ্ঞানৰ মডেল সাজি নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দিছিল ৷ ৰাহুলৰ বিজ্ঞানৰ মডেল নেচনেল চাইঞ্চ কংগ্ৰেছত প্ৰশংসিত হৈছিল ৷ বজালী উচ্চতৰ মাধ্যমিক পঢ়া ৰাহুলে একাদশ আৰু দ্বাদশ শ্ৰেণী পাটাছাৰকুছি বিদ্যাপীঠত পঢ়িছিল৷ একেবাৰেই সীমিত সুবিধাৰে আৰু একাগ্ৰতা তথা মনোবলেৰে শেষত সপোনৰ বাট বিচাৰি পালে ৰাহুল দাসে ৷