অসম

assam

ETV Bharat / state

Power workers Protest in Barpeta: বৰপেটাত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট - Contractual employee of power sector

সোমবাৰে বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজ্য ৷ চাকৰি নিয়মীয়াকৰণৰ লগতে আন কেইবাটাও দাবীত ৰূপায়ণ কৰা হয় ধৰ্মঘটৰ কাৰ্যসূচী ৷ বৰপেটাৰ বৈদ্যুতিক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতো আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱৰ্কাৰ্চ ইউনিয়নে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী (Power workers Protest in Barpeta)৷

Power workers protest in Barpeta
অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

By

Published : Dec 19, 2022, 7:07 PM IST

অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

বৰপেটা, ১৯ ডিচেম্বৰ: ৰাজ্যৰ শক্তিখণ্ডৰ সৈতে জড়িত তিনিটা কোম্পানী ক্ৰমে APDCL, AEGCL আৰু APGCLত প্ৰায় 5 হাজাৰ কৰ্মচাৰীয়ে অস্থায়ী ভিত্তিত কাম কৰি আছে ৷ কিন্তু ৰাজ্য চৰকাৰৰ শক্তি বিভাগে অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে আজিলৈক গ্ৰহণ কৰা নাই কোনো তৎপৰতা ৷

আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ(Power minister Nandita Garlosa) সৈতে হোৱা আলোচনাৰ সময়তো অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ পিছে অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি আজিলৈকে নিয়মীয়া নহ’ল ৷

শক্তিখণ্ডত অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সোমবাৰে ৰাজ্যজুৰি ৰূপায়ণ কৰা হৈছে ধৰ্মঘটৰ কাৰ্যসূচী৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বৰপেটা বৈদ্যুতিক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতো আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱৰ্কাৰ্চ ইউনিয়নে(Assam State Outsource Power Workers Union) ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী (Power workers protest in Barpeta)৷

অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে ১১ টা দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷ ধৰ্মঘটকাৰীসকলে অসম চৰকাৰ লেই লেই চেই চেই, আমাৰ চাকৰী নিয়মীয়া কৰক, অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰী জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলে বৰপেটা বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াক দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷

আনহাতে লখিমপুৰতো ৰূপায়ণ কৰা হয় অনুৰূপ কাৰ্যসূচী ৷ লখিমপুৰ বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ৰ চৌহদত ৰূপায়ন হোৱা দুঘন্টীয়া ধৰ্মঘটত কেইবাশ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে (Power workers protest in Lakhimpur)৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, বাচনি পৰীক্ষা অবিহনে নিযুক্তিৰ ব্যৱস্থা কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সম কাম-সম মজুৰিৰ ব্যৱস্থা কৰা, প্ৰচলিত শ্ৰম আইন অনুসৰি সা-সুবিধাসমূহ অস্থায়ী কৰ্মীক প্ৰদান কৰাৰ লগতে দুৰ্ঘটনাৰ ক্ষেত্ৰত অস্থায়ী কৰ্মীৰ ক্ষতিপূৰণ প্ৰদানৰ উপৰিও মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যক সংস্থাপনৰ ব্যৱস্থা কৰাকে ধৰি এঘাৰ দফীয়া দাবী জনায় ৷

ধৰ্মঘটস্থলীৰ পৰাই বিদ্যুৎ খণ্ডৰ অস্থায়ী কৰ্মচাৰীসকলে এই দাবীসমূহ পূৰনৰ বাবে বিভাগীয় মূখ্য কাৰ্যবাহী বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ধৰ্মঘটত এই Assam State Outsource Power Workers Unionৰ লখিমপুৰ চক্ৰৰ সভাপতি সুনীল ফুকন, সম্পাদক আব্দুল ৰহিমৰ লগতে কেইবাশ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, বাচনি পৰীক্ষা অবিহনে নিযুক্তিৰ ব্যৱস্থা কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সম কাম-সম মজুৰিৰ ব্যৱস্থা কৰা, প্ৰচলিত শ্ৰম আইন অনুসৰি সা-সুবিধাসমূহ অস্থায়ী কৰ্মীক প্ৰদান কৰাৰ লগতে দুৰ্ঘটনাৰ ক্ষেত্ৰত অস্থায়ী কৰ্মীৰ ক্ষতিপূৰণ প্ৰদানৰ উপৰিও মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যক সংস্থাপনৰ ব্যৱস্থা কৰাকে ধৰি এঘাৰ দফীয়া দাবী জনায় (Contractual employee of power sector)৷

লগতে পঢ়ক:Sanitation Workers Protest: প্ৰাপ্য মজুৰি মোকলাই দিয়াৰ দাবীত লখিমপুৰত চাফাই কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details