অসম

assam

By

Published : Jul 30, 2022, 5:23 PM IST

ETV Bharat / state

Satra Commission team at Barpeta: বৰপেটাৰ বাৰাদি সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ দলৰ

সত্ৰৰ ভূমি বেদখল আৰু বিভিন্ন সমস্যা পৰ্যালোচনাৰ বাবে চৰকাৰে গঠন কৰি দিয়া আয়োগৰ দল শনিবাৰে বৰপেটাত উপস্থিত হয় । বাৰাদি সত্ৰ পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ ল'লে দলটোৱে (Satra Ayog team Visits Baradi Satra in Barpeta)। আনহাতে সত্ৰৰ ভূমি বেদখল সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দলটোৰ ।

Satra Commission team at Barpeta
বৰপেটাৰ বাৰাদি সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ দলৰ

বৰপেটা,৩০ জুলাই :ৰাজ্যৰ সত্ৰসমূহৰ ভূমিত চলা বেদখল সন্দৰ্ভত তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছিল বিশেষ দল । ইতিমধ্যে দলটোৱে বিভিন্ন সত্ৰ পৰিদৰ্শন কৰাৰ লগতে বেদখল সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । শনিবাৰে অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ নেতৃত্বত সত্ৰ আয়োগৰ দলটোৰ দুই সদস্য ক্ৰমে ৰূপক শৰ্মা আৰু মৃণাল শইকীয়া বৰপেটাত উপস্থিত হয় (Satra Land Issues Monitoring And Verification Commission team in Barpeta)। বৰপেটাত সত্ৰ আয়োগৰ দলটোৱে বাৰাদি সত্ৰ পৰিদৰ্শন কৰে ৷

বৰপেটাৰ বাৰাদি সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ দলৰ

মাধৱদেৱে প্ৰতিষ্ঠা কৰা বাৰাদি সত্ৰ পৰিদৰ্শন কৰাৰ লগতে সত্ৰ সমিতিৰ সৈতে বাৰ্তালাপ কৰে সত্ৰ আয়োগৰ দলটোৱে (Satra Ayog team Visits Baradi Satra in Barpeta) ৷ সত্ৰ পৰিদৰ্শনৰ পাছতে আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কোৱা মতে অসমৰ প্ৰতিখন সত্ৰৰ ভূমিতে বেদখল হৈছে (Pradip Hazarika on Satra land encroachment)৷ বেদখলকাৰীয়ে সত্ৰসমূহৰ মৰ্যাদা হানি কৰিছে বুলি তেওঁ দাবী কৰে ৷

আনহাতে পূৰ্ববংগীয় মূলৰ মুছলমানে সত্ৰৰ ভূমি বেদখল কৰা বুলিও প্ৰদীপ হাজৰিকাই অভিযোগ কৰে । আনহাতে তেওঁ উল্লেখ কৰা মতে অসমীয়া মানুহে শুই থাকোতেই সত্ৰৰ মাটি বেদখল হৈছে ৷ অসমীয়া জাতিটোক পৰিকল্পিতভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে বুলিও সত্ৰ আয়োগৰ অধ্যক্ষগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে ৷

পূৰ্বৰ চৰকাৰক সমালোচনা কৰি প্ৰদীপ হাজৰিকাই কয় যে পূৰ্ব চৰকাৰে সত্ৰসমূহক ৰক্ষাৰ কোনো চেষ্টা নকৰিলে ৷ কোনো কোনো সত্ৰৰ নিজৰ নামত থকা ৪ হাজাৰ বিঘা ভূমিৰ পৰা পৰৱৰ্তী সময়ত ৫০ বিঘা ভূমিলৈ সংকুচিত হৈ পৰাৰ কথাও প্ৰকাশ কৰে প্ৰদীপ হাজৰিকাই ৷ স্বৰ্গদেউ আৰু ব্ৰিটিছসকলেহে সত্ৰসমূহ ৰক্ষাৰ চেষ্টা কৰিছিল বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

ইফালে ৰাজ্যৰ সত্ৰৰ ভূমি বেদখলত মুছলমানসকল জড়িত বুলি দাবী কৰে মৃণাল শইকীয়াই (Mrinal Saikia on Satra land encroachment)৷ বংগমূলীয় মুছলমানসকলে সত্ৰৰ ভূমি বেদখল কৰিছে বুলিও তেওঁ দাবী কৰে ৷ আনহাতে বাংলাদেশত মাটি হেৰোৱাসকলে অসমলৈ আহি সত্ৰৰ ভূমি বেদখল কৰিছে বুলিও তেওঁ অভিযোগ কৰে ৷

সত্ৰৰ ভূমি বেদখলক লৈ সত্ৰাধিকাৰো হত্যাৰ বলি হ'বলগা হোৱাৰ লগতে বহু লোক নিপীড়িত হৈছে বুলি ভয়ংকৰ অভিযোগ কৰে মৃণাল শইকীয়াই ৷ আনহাতে এনে বহু ঘটনা সত্ৰ আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ'ব বুলি কয় শইকীয়াই ৷ লক্ষ্যণীয়ভাৱে সত্ৰৰ ভকতে সত্ৰত প্ৰসংগ কৰি থকাৰ সময়তে এইসকলে সত্ৰৰ ভূমিসমূহত বেদখল চলাই যোৱাৰ কথা উল্লেখ কৰে মৃণাল শইকীয়াই ৷

লগতে পঢ়ক :Development of Satras: যোৰহাটত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ দল

For All Latest Updates

ABOUT THE AUTHOR

...view details