বৰপেটা ২৮ জুলাইঃ বৰপেটাৰ কলগাছিয়াৰ খাৰবাল্লিত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বানাক্ৰান্ত ৰাইজৰ । চৰকাৰৰ পৰিৱৰ্তে বানাক্ৰান্তই সহায়ৰ হাত বিচাৰিলে বেচৰকাৰী সংগঠনক ।
চৰকাৰৰ বিৰুদ্ধে বন্যাৰ্তৰ প্ৰতিবাদ - প্ৰতিবাদ
কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত ৬৯ টা পৰিয়ালত এতিয়া তীব্ৰ খাদ্য সংকটত আছে । বিগত ২০ দিনত এই পৰিয়াল কেইটাই চৰকাৰৰ ফালৰ বান সাহাৰ্যৰ নামত পাইছে মাত্ৰ তিনিদিনৰ খাদ্য । পানী কমিছে যদিও আশ্ৰয় শিবিৰৰ পৰা এতিয়াও ঘৰলৈ উভতিব পৰা নাই এই পৰিয়াল কেইটা ।
বেঁকী নৈৰ বানপানী কমিছে যদিও কমা নাই বানপানীৰ বিভীষিকা । কালৰূপী বেঁকী নৈৰ বানপানীত হেজাৰ-হেজাৰ লোকৰ বিস্তৰ ক্ষতি সাধন হয় । কিন্তু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত ৬৯ টা পৰিয়ালত এতিয়া তীব্ৰ খাদ্য সংকটত আছে । বিগত ২০ দিনত এই পৰিয়াল কেইটাই চৰকাৰৰ ফালৰ বান সাহাৰ্যৰ নামত পাইছে মাত্ৰ তিনিদিনৰ খাদ্য । পানী কমিছে যদিও আশ্ৰয় শিবিৰৰ পৰা এতিয়াও ঘৰলৈ উভতিব পৰা নাই এই পৰিয়াল কেইটা । সম্প্ৰতি এই পৰিয়াল কেইটা অনাহাৰে পশুধনৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে । ইফালে প্ৰশাসনক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । উপায়ন্তৰ হৈ বান শিবিৰত থকা বন্যাৰ্তই বান সাহায্যৰ দাবীত হাতত বাচন-বৰ্তন লৈ পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।