বৰপেটাৰোড ১৯ অক্টোবৰ: অৱশেষত গ্ৰেপ্তাৰ হ’ল অসম তৃণমূল কংগ্ৰেছৰ (Assam Pradesh Trinamool Congress) ৰাজ্যিক সম্পাদক অভিজিৎ কৰ্মকাৰ (TMC leader arrested in Baksa) ৷ এওঁৰ নেতৃত্বতেই প্ৰৱঞ্চকৰ দল এটাই ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ভুৱা লটাৰীৰ টিকট বিক্ৰী কৰি কোটি টকাৰ ওচৰত ধন সংগ্ৰহ কৰি অৱশেষত আৰক্ষীৰ জালত পৰি বৰ্তমান জেলৰ ভাত খাবলগীয়া হৈছে নেতাজনৰ লগতে আন ছজনকৈ প্ৰৱঞ্চক ৷
উল্লেখযোগ্য যে, বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম লুৱাশুৰৰ শিৱ মন্দিৰৰ সাহাৰ্যাৰ্থে ভুৱা লটাৰী খেলৰ টিকট বিক্ৰী কৰি লাখ লাখ টকা ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল প্ৰৱঞ্চকৰ দলটোৱে (Fake lottery gang arrested in Baksa) ৷
বিগত ১১ ছেপ্টেম্বৰৰ নিশা প্ৰৱঞ্চকৰ দলটোৱে লটাৰী খেলখন অনুষ্ঠিত কৰাৰ কথা আছিল ৷ কিন্তু ১ লাখ ২৯ হেজাৰ ৫০০ খন এশটকীয়া টিকট বিক্ৰী কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰাৰ পাছতো প্ৰৱঞ্চকৰ দলটোৱে লটাৰী খেল অনুষ্ঠিত কৰা নাছিল (Abhijit Karmakar arrested on Fake lottery case) ৷ যাৰ ফলত বাক্সাৰ লুৱাশুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । পাছত আৰক্ষীয়ে লুৱাশুৰত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছিল ৷
প্ৰৱঞ্চকৰ দলটোৰ বিৰুদ্ধে বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাত 119/22 U / S 120B/420/468/471 IPC RW 14 Assam Game ans betting Actৰ অধীনত এক গোচৰৰ ভিত্তিত লুৱাশুৰৰ শিৱ মন্দিৰৰ নামত ভুৱা লটাৰী খেল পৰিচালনা সমিতিৰ 6 জনকৈ লোকক আটক কৰি আৰক্ষীয়ে ইতিপূৰ্বে জেললৈ নিক্ষেপ কৰিছিল ৷ যদিও ভুৱা লটাৰী খেলৰ মাষ্টাৰ মাইণ্ড তথা তৃণমূল কংগ্ৰেছৰ নেতা অভিজিৎ কৰ্মকাৰক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল ৷