বৰপেটাৰোড,১৮ অক্টোবৰ :আজি কাতি বিহু (Kati Bihu 2022)। সমান্তৰালকৈসমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ লগে লগে বজাৰত চাকিৰ চাহিদা বৃদ্ধি পাইছে । চাকিৰ চাহিদা পূৰণৰ বাবে দিনে-ৰাতিয়ে ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল ।
ইফালে ৰাজ্যৰ বাকী অঞ্চলসমূহৰ দৰে বৰপেটাৰ মৃৎশিল্পীসকলো চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে (Barpeta potter busy making earthen lamps)। বৰপেটাৰোডৰ সমীপৰ বাহঁবাৰীৰ পালপাৰাৰ মৃৎশিল্পীসকলেও পূৰ্বৰে পৰাই মাটিৰ চাকিৰ লগতে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি আহিছে । সেইবোৰ বিক্ৰী কৰিয়ে তেওঁলোকে জীৱন জীৱিকা চলাই আহিছে ৷
কিন্তু চীনকে ধৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন প্ৰকাৰৰ চাকিৰে বজাৰ ভৰি পৰাৰ বাবে থলুৱা মৃৎশিল্পীসকলৰ মাটিৰ চাকিৰ সমাদৰ কমি আহিছে ৷ ফলত মৃৎশিল্পীসকলে নিৰ্মাণ কৰা চাকিৰ বিক্ৰীও কম হোৱা দেখা গৈছে (Local earthen lamps demand declined) ৷
উল্লেখ্য যে বজালীৰ পাঠশালাৰ পৰা ক্ৰয় কৰি অনা মাটিৰে বাহঁবাৰীৰ পালপাৰাৰ মৃৎশিল্পীসকলে নিজৰ ঘৰতেই বিভিন্ন প্ৰকাৰৰ চাকি নিৰ্মাণ কৰি ৰ'দত শুকুৱাইছে । চাকিসমূহ শুকুৱাৰ পাছত জুইত পুৰি সেইবোৰত ৰঙ সানি ৰঙীন কৰি দীপাৱলীৰ বাবে বজাৰলৈ উলিয়াই দিব আৰু চাকিসমূহ বিক্ৰী কৰি পোৱা পইচাৰে নিজৰ পৰিয়াল পোহপাল দিব ৷ এইখিনিলৈ ঠিকে আছে কিন্তু দীপাৱলীৰ বাবে বিভিন্ন বৈদ্যুতিক চাকি বজাৰত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱাৰ বাবে বাহঁবাৰীৰ পালপাৰাত থকা মৃৎশিল্পীসকলে চাকিৰ উচিত মূল্য পোৱা নাই ।