বৰপেটাৰোড, ২০চেপ্তেম্বৰঃবুঢ়া আৰক্ষী কাণ্ডৰ অনুৰূপ ঘটনা ৷ পুনৰ আৰক্ষীৰ বৰ্বৰতাৰ বলি হ'ল এগৰাকী মহিলা ৷ অপৰাধী বিচাৰি নাপাই পৰিয়ালৰ গৰ্ভৱতী মহিলাসহ ৭ জন লোকক নিৰ্মমভাৱে শাৰীৰিক নিৰ্যাতনচলাই আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে,চিৰাং জিলাৰ কয়লাময়লা আৰক্ষী চকীৰ অন্তৰ্গত ৰাচপাৰা গাৱঁৰ এগৰাকী যুৱতীৰ স'তে প্ৰেমৰ সম্পৰ্ক আছিল বৰপেটাৰোডৰ নিচুকাৰ শ্বহিদুল ইছলাম নামৰ এজন যুৱক জনৰ ৷ সেইমৰ্মে যুৱতী গৰাকীয়ে প্ৰেমিকক বিচাৰি চলিত মাহৰ ১৩ ছেপ্তেম্বৰত ঘৰৰ পৰা পলাই আহিছিল বৰপেটাৰোডলৈ ৷ প্ৰেমিক শ্বহিদুল ইছলামৰ ঘৰৰ ওচৰত থকা আত্মীয়ৰ ঘৰৰ পৰা শ্বহিদুল ইছলামক যোগাযোগ কৰে প্ৰেমিকাই ৷ আনহাতে প্ৰেমিকাৰ বিয়াৰ বয়স নোহোৱাৰ বাবে শ্বহিদুল ইছলামৰ পৰিয়ালে প্ৰেমিকাৰ অভিভাৱকৰ লগত যোগাযোগ কৰি যুৱতীগৰাকীক লৈ যাবলৈ কয় ৷ কিন্তু যুৱতীগৰাকীৰ পৰিয়ালৰ লোক আহি নোপোৱাত প্ৰেমিক শ্বহিদুল ইছলামৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক গতাই দিয়ে বৰপেটাৰোড আৰক্ষীক ৷
আৰক্ষীৰ জোতাৰ গচকত গৰ্ভপাত দুমহীয়া গৰ্ভৱতীৰ - ভুক্তভোগীৰ ভাষ্য
বৰপেটাৰোডৰ নিচুকাৰ শ্বহিদুল ইছলাম নামৰ এজন যুৱকজনৰ সৈতে সম্পৰ্ক আছিল এগৰাকী যুৱতীৰ ৷ সেইমৰ্মে যুৱতী গৰাকীয়ে প্ৰেমিকক বিচাৰি চলিত মাহৰ ১৩ ছেপ্তেম্বৰত ঘৰৰ পৰা পলাই আহিছিল বৰপেটাৰোডলৈ ৷ প্ৰেমিক শ্বহিদুল ইছলামৰ ঘৰৰ ওচৰত থকা আত্মীয়ৰ ঘৰৰ পৰা শ্বহিদুল ইছলামক যোগাযোগ কৰে প্ৰেমিকাই ৷ আনহাতে প্ৰেমিকাৰ বিয়াৰ বয়স নোহোৱাৰ বাবে শ্বহিদুল ইছলামৰ পৰিয়ালে প্ৰেমিকাৰ অভিভাৱকৰ লগত যোগাযোগ কৰি যুৱতীগৰাকীক লৈ যাবলৈ কয় ৷ কিন্তু যুৱতীগৰাকীৰ পৰিয়ালৰ লোক আহি নোপোৱাত প্ৰেমিক শ্বহিদুল ইছলামৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক গতাই দিয়ে বৰপেটাৰোড আৰক্ষীক ৷
পৰৱৰ্তী সময়ত যুৱতী গৰাকীৰ পৰিয়ালে চিৰাং আৰক্ষীৰ সহযোগত যুৱতীগৰাকীক বৰপেটাৰোড আৰক্ষী থানাৰ পৰা উদ্ধাৰ কৰে ৷ লগতে যুৱতী গৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চিৰাঙৰ কয়লাময়লা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰীৰ নেতৃত্বত এদল আৰক্ষীয়ে অভিযুক্ত শ্বহিদুল ইছলামক বিচাৰি বৰপেটাৰোডৰ নিচুকাত আহি উপস্থিত হয় ৷ অভিযুক্তক বিচাৰি নাপাই নিচুকা আৰু সৰভোগৰ পূৱ খুদনাবাৰীত অভিযুক্তৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাসহ ৭ জন লোকক নিৰ্মম ভাৱে শাৰীৰিক নিৰ্যাতন চলায় আৰক্ষীয়ে ৷
উল্লেখ্য যে ১৭ চেপ্তেম্বৰত নিশা ১২ বজাৰ পৰা পুৱতি নিশালৈকে শ্বহিদুলৰ পৰিয়ালৰ ওপৰত বৰ্বৰ নিৰ্যাতন চলোৱাৰ অভিযোগ কয়লাময়লা আৰক্ষী থানাৰ আৰক্ষীসকলৰ ওপৰত ৷ আৰক্ষীৰ নিৰ্যাতনত সুকীয়া খাতুন সাজেদা বেগম আৰু আছিৰণ নেছা গুৰুতৰভাৱে আহত হয় ৷ ভুক্তভোগীৰ ভাষ্য অনুসৰি আৰক্ষীৰ নিৰ্যাতন ইমানেই কঠোৰ আছিল যে সুকীয়া খাতুন নামৰ মহিলা গৰাকী দুমহীয়া গৰ্ভৱতীৰ পেটত জোতাৰে গচকি দিয়াত মহিলা গৰাকীৰ ৰক্তক্ষৰণ হয় ৷ ইপিনে আৰক্ষীৰ এই নিৰ্মম নিৰ্যাতনত আমছুৱে তীব্ৰ নিন্দা কৰি আৰক্ষী বিষয়া বিনোদ চৌধুৰীৰ ফাঁচিৰ দাবী কৰে ৷