বৰপেটা, 22 অক্টোবৰ:অসমৰ সংগীত জগতত বৃহৎ ক্ষতি । ভ্ৰাম্যমাণ আৰু চলচ্চিত্ৰ জগতৰ কণ্ঠশিল্পী তথা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা প্ৰাপক দশৰথ দাসে দেওবাৰে ইহলীলা সম্বৰণ কৰে । লক্ষণীয় যে, দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাস জনিত ৰোগত ভুগি চিকিৎসাধীন হৈছিল শিল্পীগৰাকী । দেওবাৰে নিশা 12.30 ত এই সংসাৰৰ পৰা মেলানি মাগে দশৰথ দাসে ।
এইগৰাকী মহান শিল্পীৰ মৃত্যুত পৰিয়ালটোৰ লগতে সমগ্ৰ বজালীতে শোকাকুল পৰিৱেশ বিৰাজ কৰে । অসম সৌৰভ বটাঁ প্ৰাপক তথা আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰয়োজক কৃষ্ণ ৰয়ৰ উপৰি ভালেসংখ্যক গুণমুগ্ধ, বাক্সা, বজালী জিলাৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লোকসকলে আজি কণ্ঠশিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ইয়াৰ লগতে বিভিন্নজন অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিও উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও শিল্পীগৰাকীৰ বাসভৱনত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে মন্ত্ৰীগৰাকীয়ে কয়, দাসৰ মৃত্যু অপূৰণীয় ক্ষতি ৷ শনিবাৰে তেওঁক হাস্পতাললৈ নিয়াৰ পৰাই মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ লগত যোগাযোগ ৰাখিছে ৷