অসম

assam

By

Published : Dec 7, 2022, 6:59 PM IST

Updated : Dec 7, 2022, 7:15 PM IST

ETV Bharat / state

Khanin Mahanta passes away: অসম আন্দোলনৰ থিংক টেংক খনিন মহন্ত আৰু নাই

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ আগশাৰীৰ নেতা খনিন মহন্ত আৰু নাই(Assam Movement leader Khanin Mahanta no more) ৷ আজি বিয়লি বৰপেটা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নেতাগৰাকীয়ে ৷

Assam Movement leader Khanin Mahanta no more
Khanin Mahanta passes away:অসম আন্দোলনৰ থিংক টেংক খনিন মহন্ত আৰু নাই

বৰপেটা, 7 ডিচেম্বৰ:শেষ শয়নত অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ আগশাৰীৰ নেতা খনিন মহন্ত ৷ 5 ডিচেম্বৰৰ নিশা হঠাতে অসুস্থ হৈ পৰে বিশিষ্ট জাতীয়তাবাদী নেতাগৰাকী ৷ ইয়াৰ পাছতে জৰুৰীভাৱে নিশা বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় মহন্তক(Khanin Mahanta ill) ৷ দীৰ্ঘদিন ধৰি স্নায়ুৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ অৱস্থাত থকা খনিন মহন্তক শ্বাস-প্ৰস্বাসজনিত সমস্যাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল(Khanin Mahanta under treatment)৷ স্বাস্থ্যৰ গুৰুতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি খনিন মহন্তক নিশাই ICU ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছিল যদিও আজি বিয়লিৰ ভাগত বৰপেটা মেডিকেল কলেজ হাস্পতালতে এই পৃথিৱীৰ পৰা মেলানি মাগে জাতীয়তাবাদী নেতাগৰাকীয়ে ৷

অসম আন্দোলনৰ থিংক টেংক খনিন মহন্ত আৰু নাই

১৯৪৭ চনত বৰপেটাৰ সুন্দৰীদিয়াত জন্মগ্ৰহণ কৰা খনিন মহন্তই অসম আন্দোলনৰ লগতে মাধ্যম আন্দোলনত গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা(AGP founder Khanin Mahanta) ৷ অসম আন্দোলনৰ নেতাগৰাকীয়ে ১৯৮৫ চনত অগপ চৰকাৰৰ দিনত এ জি এম চিৰ অধ্যক্ষৰ দায়িত্ব বহন কৰাৰ লগতে ১৯৯৬ চনত এছকাৰ্ড বেংকৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল ৷ বৰপেটাৰ সুন্দৰীদিয়াত জন্মগ্ৰহণ কৰা খনিন মহন্তই পৰৱৰ্তী সময়ত সৰুপেটাত নিগাজীকৈ বাস কৰিবলৈ লয়(Assam Movement leader Khanin Mahanta no more) ৷

মৃত্যৰ সময়ত মহন্তই লেখিকা অমিয়া মহন্তৰ লগতে দুই কন্যা আৰু এজন পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়((Khanin Mahanta died in Barpeta) ৷ ৰাজ্যৰ এগৰাকী বিশিষ্ট লেখক-কবি, সংগঠক সুৰেশ ৰঞ্জন গদুকা আছিল খনিন মহন্তৰ জোঁৱাই ৷ স্নায়ুৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ থকা খনিন মহন্ত শেহতীয়াভাৱে শ্বাস প্ৰস্বাসৰ সমস্যাত ভূগি আছিল ৷

অসম আন্দোলনৰ থিংক টেংক হিচাপে পৰিচিত খনিন মহন্তৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ জাতীয়তাবাদী মহলত শোকৰ বন্যা বোৱা পৰিলক্ষিত হৈছে(Khanin Mahanta passes away) ৷ মৃত্যুৰ সময়ত প্ৰয়াত মহন্তৰ বয়স আছিল 75 বছৰ ৷

লগতে পঢ়ক:MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

Last Updated : Dec 7, 2022, 7:15 PM IST

ABOUT THE AUTHOR

...view details