জনিয়া,24 জানুৱাৰী :বৰপেটাৰ জনিয়াৰ ফখৰুদ্দিন আলী আহমেদ মেম’ৰিয়েল কনিষ্ঠ মহাবিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধিত্বমূলক অধিৱেশনখন ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ৷
উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীয়ে ভাষণ প্ৰসংগত কয় যে, সম্প্ৰতি দেশৰ সংবিধানৰ প্ৰতি তীব্ৰ ভাবুকি আহিছে । সংবিধান ৰক্ষাৰ বাবে হিন্দু-মুছলমান সকলো এক হ'ব লাগিব । সংবিধানে প্ৰদান কৰা অধিকাৰ ৰক্ষাৰ বাবে সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি অধিবক্তাগৰাকীয়ে কয় যে, মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ 65 শতাংশ আৰু 35 শতাংশৰ অংকত 65 শতাংশ মানুহ নাই । 65 শতাংশ মানুহৰ অধিকাংশ মানুহেই ধৰ্ম নিৰপেক্ষ, ভাল মানুহ ৷ 65 শতাংশ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নহয় আৰু হিমন্তৰ কথাবোৰ বুজি পায় । হিমন্ত বিশ্ব শৰ্মাই এদিন ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোগলৰ আগ্ৰাসন চলিছে বুলি নকৈ পোনপটীয়াকৈ মুছলমানৰ আগ্ৰাসন চলিছে বুলি কোৱা নাই কিয় ?